ডিজিটেল ডেস্কঃ কেৱল ভাৰততে নহয় বিদেশতো বিয়পিছে সুষমা স্বৰাজৰ মহানুভৱতাই৷ বিভিন্ন সময়ত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা বৈদেশিক পৰিক্ৰমা মন্ত্ৰী সুষমা স্বৰাজৰ ওচৰত সহায়ৰ বাবে কৰা আবেদন আপোনোলোকে শুনিছে৷

কিন্তু এইবাৰ পুনৰ সুষমা স্বৰাজৰ সহায় বিচাৰিলে পাকিস্তানৰ এগৰাকী মহিলাই৷ ফেইজা তনভীৰ নামৰ মহিলাগৰাকীয়ে চিকিৎসাৰ বাবে সহায় বিচাৰিলে সুষমা স্বৰাজৰ৷ ২৫বৰ্ষীয় কৰ্কট ৰোগী ফেইজাই চিকিৎসাৰ বাবে যোগাযোগ কৰিছিল দিল্লীৰ ইন্দ্ৰপ্ৰস্থ চিকিৎসালয়ত।

চিকিৎসাৰ বাবে আগতীয়াকৈ ১০লাখ টকা আদায় কৰিছিল চিকিৎসালয়ত ফেইজাই৷ কিন্তু শেহতীয়াকৈ ভাৰতীয় উচ্চ আয়ুক্তই প্ৰত্যাখান কৰিলে ফেইজাৰ চিকিৎসাৰ আবেদন৷ উপায়হীন হৈ টুইটাৰৰ জৰিয়তে সুষমা স্বৰাজক বিষয়টো দৃষ্টিগোচৰ কৰে ৰোগীগৰাকীয়ে৷ সোমবাৰে সুষমা স্বৰাজে অতি সোনকালে তনভীৰৰ বাবে ভিছাৰ ব্যৱস্থা কৰা হ’ব বুলি প্ৰকাশ কৰিছে৷

ইয়াৰ পুৰ্বও পাকিস্তানৰ এটি শিশুৰ হৃদৰোগৰ চিকিৎসাৰ বাবে সহায় বিচাৰিছিল সুষমা স্বৰাজৰ উল্লেখ্য যে ভাৰতৰ চিকিৎসালয়ত প্ৰতি মাহত ৫০০ৰোগী চিকিৎসাৰ বাবে আহে পাকিস্তানৰ পৰা৷