
লংকাঃ লামডিং কেন্দ্ৰীয় বিদ্যালয়ত আজিৰে পৰা আৰম্ভ হৈছে হিন্দী পকৱাদ আৰু স্বচ্ছ ভাৰত পকৱাদৰ অনুষ্ঠান৷ ১ ছেপ্তেম্বৰৰ পৰা ১৫ ছেপ্তম্বৰলৈকে অনুষ্ঠিত হ’বলগীয়া এই স্বচ্ছ ভাৰত অনুষ্ঠানত বিশেষকৈ ছাত্ৰ ছাত্ৰী সকলৰ মাজত স্বচ্ছতা অনাৰ উদ্দেশ্যে এই অনুষ্ঠান শুম্ভাৰম্ভ কৰা হয়৷
আজিৰ এই অনুষ্ঠানত বিদ্যালয়ৰ প্ৰধান শিক্ষকগৰাকীয়ে কয় যে, ‘‘কেৱল স্বচ্ছ ভাৰতৰ নামত এদিনৰ বাবে হাতত ঝাড়ু ললে নহ’ব৷ এই ক্ষেত্ৰত ছাত্ৰ ছাত্ৰী সকলে নিজে নিজৰ শ্ৰেণী কোঠা, নিজৰ বিদ্যালয়, নিজৰ ঘৰৰ পৰা আৰম্ভ কৰি পৰিৱেশটো পৰিস্কাৰৰ শিক্ষা দিব লাগিব।’’