
মঙলদৈঃ ৰাজ্য কপোৱা অসম লোকসেৱা আয়োগৰ চাকৰি কেলেংকাৰি নতুন মোৰ লোৱা পৰিলক্ষিত হয়৷ মঙলবাৰে নিশা দৰং জিলাত অসম আৰক্ষীৰ বিশেষ শাখাই অভিযান চলাই জিলা খনৰ এগৰাকী চক্ৰ বিষয়াক গ্ৰেপ্তাৰ কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ জানিব পৰা মতে, ডিব্ৰুড় আৰক্ষী আৰু অসম আৰক্ষীৰ বিশেষ শাখাৰ এটি দলে পল্লৱী শৰ্মা চৌধুৰী নামৰ চক্ৰ বিষয়াগৰাকীক গ্ৰেপ্তাৰ কৰে৷
অসম লোকসেৱা আয়োগৰ বহু বিতৰ্কিত তথা চাকৰি কেলেংকাৰীৰ নায়ক ৰাকেশ পালৰ সময়ত জালিয়াতিৰে চাকৰি লোৱাৰ অভিযোগ উত্থাপন হৈছিল চক্ৰ বিষয়া পল্লৱিকাৰ বিৰুদ্ধে৷ অসম লোকসেৱা আয়োগত দুৰ্নীতিৰ অভিযোগত অধ্যক্ষ ৰাকেশ পাল আৰু সদস্যদ্বয় ড০ ছামেদুৰ ৰহমান, বসন্ত দলে অভিযুক্ত হৈ বৰ্তমান ৰঙাঘৰৰ আলহী হ’ব লগা হয়।
তেওঁলোকৰ বিৰুদ্ধে আছে পৰ্বতসম দুৰ্নীতিৰে লাখ লাখ টকা লৈ চাকৰি দিয়াৰ মুকলি অভিযোগ উত্থাপন হয়। জেলৰ ভাত খোৱা ৰাকেশ পাল আৰু সদস্যদ্বয় ড০ ছামেদুৰ ৰহমান, বসন্ত দলে হতে লাখ লাখ টকা লৈ আয়োগে অনুষ্ঠিত কৰা পৰীক্ষাৰ কেলেংকাৰী সংঘটিত কৰিছিল৷ তাৰ পিছতে বিজেপি চৰকাৰে সক্ৰিয় হৈ পৰিছিল এই কেলেংকাৰীৰ বিৰুদ্ধে৷
উত্তৰ বহীৰ তদন্ত কৰাৰ লগতে উত্তৰ বহী ফৰেনছিক পৰীক্ষা কৰে তদন্তকাৰী সংস্থাই৷ তাৰ মাজতে চক্ৰ বিষয়া পল্লৱীয়ে টকা দি পৰীক্ষা উত্তীৰ্ণ হোৱাৰ তথ্য লাভ কৰে আৰক্ষীয়ে৷ তাৰ মাজতে মঙলবাৰে নিশা অসম আৰক্ষীৰ বিশেষ শাখাৰ এটি দলে পল্লৱীক দৰঙৰ পৰা আটক কৰি গুৱাহাটীলৈ লৈ আহে৷ শেহতীয়া ভাবো ২৫ জনকৈ ACS-APS বিষয়াৰ বিৰুদ্ধে জালিয়াতিৰে পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ অভিযোগ উঠিছে। তাৰ ভিতৰত মঙলদৈ সদৰৰ চক্ৰ বিষয়া পল্লৱী শৰ্মা চৌধুৰীও এগৰাকী বুলি জানিব পৰা গৈছে৷