ভেঁকো-ভাওনাত পৰিণত নিৰ্বাচন আয়োগৰ ঘোষণা,এ আই ইউ ডি এফ দলৰ প্ৰাৰ্থীৰ ঘৰত নাই পকী শৌচাগাৰ,কেনেকৈ পালে জিলা পৰিষদত যুজাঁৰ অনুমতি ???

নগাঁও,২০নবেম্বৰঃ প্ৰহসনত পৰিণত ৰাজ্যিক নিৰ্বাচন আয়োগৰ ঘোষণা । জিলা পৰিষদৰ প্ৰাৰ্থীৰ ঘৰত নাই কোনো পকী শৌচাগাৰ। পিছে চিমেণ্টৰ বেগেৰে বনোৱা শৌচাগাৰ আছে দুটা। ঘৰত শৌচাগাৰ নথকা সত্বেও জিলা পৰিষদৰ সদস্য হিচাপে অৱতীৰ্ণ হোৱাৰ অনুমতি কেনেকৈ পালে প্ৰাৰ্থীয়ে?
এই ঘটনা সংঘটিত হৈছে বটদ্ৰৱা সমষ্টিৰ হাতীচোং জিলা পৰিষদত ৷ এই কথা পোহৰলৈ অহাৰ লগে লগে বৰ্তমান ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উল্লেখযোগ্য যে সমগ্ৰ ৰাজ্যতে এতিয়া পঞ্চায়ত নিৰ্বাচনী গৰম বতাহ। পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হবলৈ হলে ইতিমধ্যে প্ৰাৰ্থীৰ যোগ্যতাৰ মাপকাঠী নিৰূপন কৰিছে ৰাজ্যিক নিৰ্বাচনী অায়োগে। নিৰ্বাচন আয়োগৰ বিধি অনুসৰি,পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থী গৰাকীৰ ঘৰত থাকিব লাগিব পকী শৌচাগাৰ। তদুপৰি মনোনয়ন পত্ৰৰ লগত প্ৰাৰ্থীয়ে তেওঁৰ ঘৰত থকা পকী শৌচাগাৰ থকাৰ প্ৰমান হিচাৱে দাখিল কৰিব লাগিব যাৱতীয় প্ৰমাণ পত্ৰ আৰু পায়খানা থকাৰ হলফনামাও। পঞ্চায়ত আইন ( সংশোধনী ) ২০১৮ ৰ জৰিয়তে এই নতুন নিয়ম প্ৰযোজ্য কৰা হৈছে। কিন্তু বটদ্ৰৱা সমষ্টিত এই বিধি উলংঘা কৰি নিৰ্বাচনত অৱতীৰ্ণ হৈছে এগৰাকী মহিলা প্ৰাৰ্থী৷
প্ৰাৰ্থীগৰাকীৰ নাম মুৰ্চিদা খাতুন। বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফ দলে বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত ১০ নং হাতীচোং জিলা পৰিষদৰ সদস্যা হিচাপে প্ৰাৰ্থীত্ব প্ৰদান কৰিছে। পিছে এইগৰাকী প্ৰাৰ্থীৰ ঘৰত নাই কোনো পকী শৌচাগাৰ। তাৰ বিপৰীতে আছে দুটাকৈ চিমেণ্টৰ বেগেৰে জোৰা টাপলি মাৰি সজোৱা শৌচাগাৰ। পিছে প্ৰাৰ্থী গৰাকীৰ বাসগৃহ কিন্তু পকী। অৱশ্যে প্ৰাৰ্থী গৰাকীয়েও অসম পঞ্চায়ত অাইন ২০১৮ ৰ আৰু পঞ্চায়ত নিয়মৰ বিষয়ে একো নাজানে বুলিও সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে। অানহাতে অঞ্চলটোৰ স্থানীয় চৰকাৰী গাওঁবুঢ়াৰ পৰাও পকী শৌচাগাৰ থকাৰ কোনো প্ৰমান পত্ৰ লোৱা নাই বুলিও গাঁওবুঢ়াই জানিবলৈ দিছে। অসম পঞ্চায়ত অাইন ২০১৮ অাইন আৰু ৰাজ্যিক নিৰ্বাচন আয়োগৰ ঘোষণা তথা নীতি নিদেৰ্শনা উলংঘা কৰা এইগৰাকী প্ৰাৰ্থীৰ বিৰুদ্ধে ৰাজ্যিক নিৰ্বাচনী অায়োগে এতিয়া কি ব্যৱস্থা গ্ৰহন কৰিব বুলি সমষ্টিটোৰ বিভিন্ন ৰাজনৈতিক মহলে প্ৰশ্ন উখাপন কৰিছে। এইক্ষেত্রত ৰাজ্যিক নিৰ্বাচন আয়োগে কি ব্যৱস্থা গ্রহণ কৰে সেয়াহে লক্ষ্যণীয় হ'ব৷
জয়ন্ত মুদৈ,নগাঁও