
লিডুঃ ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা হোৱা নাই যদিও নিৰ্বাচনকলৈ ৰাজনৈতিক দলসমূহে আৰম্ভ কৰিছে প্ৰচাৰ অভিযান৷ ৰাজ্যখনৰ প্ৰতিটো প্ৰান্ততে এতিয়া নিৰ্বাচনৰ ৰণনীতিৰ কৌশল প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে বিভিন্ন ৰাজনৈতিক দলসমূহ৷ ৰাজ্যৰ বিভিন্ন সমষ্টিৰ লগতে পিচ পৰি ৰোৱা নাই মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ পঞ্চায়ত সমূহো৷ শাসিত বিজেপি দলৰ লগতে বিৰোধী দল কংগ্ৰেছেও আৰম্ভ কৰিছে ভোটাৰক আকৃষ্ট কৰিব পৰা নিৰ্বাচনী খেলা৷
দলৰ মুখিয়াল নেতা-কৰ্মীসকলে ঠাইয়ে ঠাইয়ে অনুষ্ঠিত কৰিছে নিৰ্বাচনী সভা৷ মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ অন্তৰ্গত লিডু গাওঁ পঞ্চায়ত, লিডু কলিয়ৰী গাওঁ পঞ্চায়ত আৰু শামুকজান গাওঁ পঞ্চায়তৰ দলীয় নেতা কৰ্মী সকলে সাংগঠনিক ভেটি সুদৃঢ় কৰি নিৰ্বাচনত বিৰোধী পক্ষক ধৰাশায়ী কৰাৰ লক্ষ্যৰে নানান ৰণকৌশল তৈয়াৰ কৰি ভোটাৰৰ মাজত সজাগতাৰ চেষ্টা চলোৱাৰ পৰিলক্ষিত হৈছে৷
উল্লেখ্য যে, লিডু শামুকজান আৰু লিডু কলিয়ৰী গাওঁ পঞ্চায়তত কংগ্ৰেছে বিগত পঞ্চায়ত নিৰ্বাচনত জয় সাব্যস্ত কৰিছিল৷ লিডু শামুকজান গাওঁ পঞ্চায়তে চলিত কাৰ্যকালত কেইবাটাও ৰাজহুৱা আঁচনিৰ সফল ৰূপায়ণ কৰি সমষ্টিটোৰ ভিতৰতেই বিকশিত পঞ্চায়ত ৰূপে ৰাজহুৱা স্বীকৃতি লাভ কৰে৷ কিন্তু পঞ্চায়তটোৰ সভাপতিজনে শেহতীয়াকৈ বিজেপিত যোগদান কৰাত আগন্তুক নিৰ্বাচনত কংগ্ৰেছৰ প্ৰতি ই এক মুক্ষম আঘাত ৰূপে পৰিগণিত হৈছে৷ ইয়াৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি বিজেপি দলে প্ৰচাৰ অভিযান তুংগত কৰি তুলিছে৷