
গুৱাহাটীঃ অসমত পঞ্চায়ত নিৰ্বাচনৰ বাবে অহা ৫ আৰু ৯ ডিচেম্বৰত ভোটগ্ৰহণ হ’ব আৰু ফলাফল পোৱা যাব ১২ ডিচেম্বৰত। সোমবাৰে এই ঘোষণা কৰিছে অসম ৰাজ্যিক নিৰ্বাচন আয়োগে। আয়োগৰ এই ঘোষণাৰ লগে লগে ৰাজ্যখনত নিৰ্বাচনী আচৰণ-বিধি বলৱৎ হ’ল।
আয়োগৰ মতে এই নিৰ্বাচনত ৰাজ্যখনৰ ২৬ খন জিলাৰ ১.৫৬ লাখ ভোটাৰে তেওঁলোকৰ ভোটাধিকাৰ ২৩,৫০৫ টা কেন্দ্ৰৰ জৰিয়তে সাব্যস্ত কৰিব পাৰিব। নিৰ্বাচন আয়ুক্ত এইচ এন বৰাই এখন সংবাদ মেলত কয় যে প্ৰথম পৰ্যায়ত ১৬ খন জিলাক সামৰি লোৱা হ’ব।
এই পঞ্চায়ত নিৰ্বাচন শাসনাধিস্থিত বি জে পিৰ বাবে এচিড পৰীক্ষা হিচাপে বিবেচিত হৈছে। ২০১৬ চনত বিধানসভা নিৰ্বাচনত অসম গণ পৰিষদকে ধৰি সৰু-বৰ কেইবাটাও দলে বি জে পিৰ সৈতে আসনৰ বুজাবুজিৰে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল। কিন্তু চৰকাৰৰ অংশীদাৰ অ গ প আৰু বি পি এফে পঞ্চায়ত নিৰ্বাচন নিজাববীয়াকৈ খেলাৰ সম্ভাৱনাই বি জে পিক ৰাজনৈতিকভাৱে অকলশৰীয়া কৰিব। অৱশ্যে বি টি এ ডিত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত নহয়।
দুবছৰীয়া সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনে জনতাৰ আশা-আকাংক্ষা পূৰণ কৰিব কৰিব পৰা নাই বুলি অভিযোগ উত্থাপন হৈ আহিছে। ইয়াৰ লগতে নাগৰিকত্ব সংশোধনী বিধেয়কখনক লৈ ৰাজ্যখনত ক্ষোভৰ উদগীৰণ হৈ থকাত এই নিৰ্বাচন বি জে পিৰ বাবে হৈ পৰিছে এচিড পৰীক্ষা সদৃশ। ২০১৯ চনত দেশত অনুষ্ঠিত হ’বলগীয়া সাধাৰণ নিৰ্বাচনৰ ক্ষেত্ৰতো গেৰুৱা দলটোৰ অসমত জনপ্ৰিয়তা এই নিৰ্বাচনতে উমান পোৱা যাব।
আয়োগে ঘোষণা কৰা মতে এই নিৰ্বাচনত বেলট কাকত ব্য়ৱহাৰ কৰা হ’ব।