
বাহাকাবাৰীঃ সততে কনিষ্ঠ অভিযন্তা আৰু পঞ্চায়তৰ সভাপতিয়ে লগ লাগি লুটি-পুতি খোৱাৰহে খবৰ পোৱা যায়৷ কিন্তু এইবাৰ বিপৰীত৷ এইবাৰ সংঘাতত লিপ্ত হৈছে এগৰাকী কনিষ্ঠ অভিযন্তা আৰু পঞ্চায়ত সভাপতি৷ সংঘাতৰ পৰিণতিত উপায়ুক্ত পৰ্যন্ত অভিযোগ-প্ৰতিভিযোগৰ নাটকো চলিছে৷
উন্নয়নৰ প্ৰতিশ্ৰুতি দি ভোট লোৱা পঞ্চায়তৰ সভাপতি আৰু চৰকাৰৰ দৰমহা লৈ ৰাইজৰ কাম কৰাৰ বিপৰীতে সংঘাতত লিপ্ত হোৱা কনিষ্ঠ অভিযন্তাৰ বিৰুদ্ধে ৰাইজ ক্ষোভিত হৈ পৰিছে৷
নগাঁও জিলাৰ কঠিয়াতলী উন্নয়ন খণ্ডৰ কনিষ্ঠ অভিযন্তা আৰু বকুলগুৰী পঞ্চায়তৰ সভাপতিৰ সংঘাতৰ পৰিণতিত বকুলগুৰি পঞ্চায়তৰ উন্নয়ন স্থবিৰ হৈ পৰাৰ অভিযোগ উত্থাপিত হৈছে।
২০১৫-১৬ বৰ্ষত বকুলগুৰি পঞ্চায়তত ৮৫টা ইন্দিৰা আৱাস গৃহ পঞ্চায়তটোত আৱন্টন দিয়া হৈছিল৷ সভাপতিগৰাকীয়ে ঘৰৰ কাম নকৰাকৈয়ে টকা মুকলি কৰি দিয়াৰ দাবী জনােৱা বুলি কনিষ্ঠ অভিযন্তা জয়ন্ত কুমাৰ দাসে অভিযোগ উত্থাপন কৰে।
কনিষ্ঠ অভিযন্তাগৰাকীয়ে ৭ এপ্ৰিলত গৃহসমূহ নিৰীক্ষণ কৰিবলৈ বকুলগুৰিলৈ যায়৷ পঞ্চায়তৰ অনুমতি অবিহনে প্ৰৱেশ নকৰিবলৈ কনিষ্ঠ অভিযন্তাক সকীয়নি দি অপদস্ত কৰাৰো অভিযোগ উত্থাপন কৰে কনিষ্ঠ অভিযন্তাগৰাকীয়ে।
অভিযন্তা জয়ন্ত কুমাৰ দাসে ১০ এপ্ৰিলত কঠিয়াতলী খণ্ড উন্নয়ন বিষয়াক এই ক্ষেত্ৰত সভাপতিগৰাকীৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে। দাসৰ লিখিত অভিযোগৰ ভিত্তিত উন্নয়ন বিষয়াই মেমো নং KDB/Esstt/01/2015–16/4535ৰ জৰিয়তে ৯ এপ্ৰিলত জিলা উপায়ুক্তক লিখিত অভিযোগ দাখিল কৰে আৰু বকুলগুৰি পঞ্চায়তৰ সভাপতি নুৰজামাল লস্কৰ হকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনায়।
কনিষ্ঠ অভিযন্তাৰ অভিযোগৰ পিছতেই নুৰজামাল লস্কৰে হকেও ১২ মে’ত নগাঁও জিলা উপায়ুক্তক কনিষ্ঠ অভিযন্তাৰ বিৰুদ্ধে অভিযোগ দিয়ে। সভাপতি হকে বকুলগুৰি পঞ্চায়তত ২০১৫–১৬ বৰ্ষৰ ইন্দিৰা আৱাস যোজনাৰ হিতাধিকাৰীৰ তালিকাখন ২৯ মাৰ্চত অনুমোদন দিবৰ বাবে দাখিল কৰাৰ পিছতো বৰ্তমান পৰ্য্যন্ত জিলা উন্নয়ন বিষয়াৰ কাৰ্যালয়ত জমা নিদিয়াৰ অভিযোগ উত্থাপন কৰে।
অভিযন্তা-পঞ্চায়ত সভাপতিৰ সংঘাতৰ ফলত উন্নয়ন স্থৱিৰ হৈ পৰা বকুলগুৰি পঞ্চায়তৰ ৰাইজে এই সংঘাতৰ মূল নায়ক কোন আৰু ইয়াৰ তদন্ত কেতিয়া হ’ব বুলি প্ৰশ্ন উত্থাপন কৰিছে।