গুৱাহাটীঃ দেওবাৰে নিশা পাণ্ডুৰ নিউ ক’লনিৰ ঢাকাইপট্টিৰ এটা ৰেল’ৱেৰ কোৱাৰ্টাৰত সংঘটিত হয় এক ভয়াবহ অগ্নিকাণ্ড৷ মূহুৰ্তৰ ভিতৰতে জুইৰ লেলিহান শিখাই ১০টা কৈ পৰিয়ালৰ আবাস গৃহ ভষ্মীভূত কৰে৷ ফলত কেইবালাখ টকাৰ সা-সম্পত্তি জ্বলি ছাই হয়৷ অৱশ্যে কোনোমতে প্ৰাণ ৰক্ষা পৰে পৰিয়ালৰ লোক সকলৰ৷

জানিবপৰা হোৱা ম’তে চৰ্ট চাৰ্কিটৰ ফলত সংঘটিত হোৱা অগ্নিকাণ্ডই বিধ্বংসী ৰূপ ধাৰণ কৰাৰ পাছতে ঘটনাস্থলিত অগ্নিনিৰ্বাপক বাহিনীৰ বাহন উপস্থিত হৈ জুই নুমুৱাবলৈ সক্ষম হয়৷