
newsnextone.com | গুৱাহাটীঃ ২০১৩ চনৰ ২৫ জুনত সমগ্ৰ দেশ কঁপাইছিল এটা হত্যাকাণ্ডই৷ অসমৰ কাৰ্বি আংলং জিলাত সংঘটিত হৈছিল এই ঘটনা৷ কাৰ্বি আংলং জিলাত বসবাস কৰা এগৰাকী অধিবক্তাৰ পুত্ৰক চহৰৰ মাজ মজিয়াত অ’টোৰ ভাড়াৰ বাবে বৰ্বৰ ভাবে আক্ৰমণ কৰা হৈছিল৷ সাধাৰণ এগৰাকী যুৱকক দিনৰ পোহৰতে শ-শ লোকৰ সন্মুখতে বৰ্বৰ ভাবে আক্ৰমণ কৰিছিল৷ যুৱকজনৰ সৈতে আছিল পিতৃ৷ পিতৃৰ সন্মুখতে বৰ্বৰ ভাবে আক্ৰমণ কৰা হৈছিল৷ নিজ পিতৃয়ে ৰক্ষা কৰিব পৰা নাছিল পুত্ৰক৷
গোলাঘাট জিলাৰ এগৰাকী অধিবক্তাৰ পুত্ৰ আছিল তেওঁ৷ নাম আছিল ঝংকাৰ শইকীয়া৷ দিনৰ পোহৰত চহৰৰ মজিয়াত একাংশ অট’চালকে মৰিয়াই মৰিয়াই হত্যা কৰিছিল৷ তেওঁ দোষ কৰিছিল অট’ ভাড়া বেছিকৈ লোৱাৰ বাবে প্ৰশ্ন কৰি। যাৰ বাবেই চহৰৰ মাজমজিয়াত ঝংকাৰ শইকীয়াক আক্ৰমণ কৰা হৈছিল আৰু মৰণকাতৰ চিঞৰ শুনিও কোনেও আগবাঢ়ি অহা নাছিল ৰক্ষা কৰিবলৈ৷ কিছু সময় পিছতে লেবেজান হৈ পৰিছিল অধিবক্তাৰ পুত্ৰ৷
কাৰ্বি আংলঙৰ ডিফু চহৰত অটোৰ ভাড়াক লৈ চালকৰ সৈতে হোৱা সাধাৰণ কথাৰ বাবেই উত্তেজিত হৈ পৰে একাংশ চালক৷ চালকৰ মাৰত ২১ বছৰীয়া যুৱক ঝংকাৰ শইকীয়াৰ মৃত্যু হয়৷ সেই সময়ত চহৰ খনত আছিল আৰক্ষী৷ কিন্তু আৰক্ষী হৈ পৰিছিল মৌন দৰ্শকহে। পুনৰ একেখন কাৰ্বি আংলঙত সংঘটিত হ’ল বৰ্বৰ কাণ্ড৷ প্ৰতাভিশালী দুই যুৱকক হত্যা কৰা হ’ল৷
কিহৰ বাবে বাৰে বাৰে সংঘটিত হয় এনে কাণ্ড৷ তাৰ বাবে হ’ব লাগিব মৰণোত্তৰ৷ সজাগ হ’ব লাগিব সমাজৰ প্ৰতিগৰাকী লোক৷ ফহীয়াই চাব লাগিব এনে হত্যাকাণ্ড সমূহৰ অন্তৰালত নিহিত হৈ থকা কাৰণসমূহ৷ কিয় পাহাৰৰ একাংশ মানুহ এটি বিশেষ পৰিচয় লাভ কৰাৰ পিছত উত্তেজিত হৈ পৰে৷ বৰ্বৰ ভাবে আক্ৰমণ কৰিবলৈ মৰসাহ লাভ কৰে কৰ পৰা৷ তেনেবোৰ কাৰণ বিচাৰি উলিয়াবলৈ হ’ল৷ অন্যথাই দুই-তিনি বছৰৰ মূৰে মূৰে এনে ঘটনা সংঘটিত হৈ থাকিব আৰু কোনো ঝংকাৰ শইকীয়া, নিলোৎপল দাস আৰু অভিজিত নাথৰ প্ৰাণ গৈ থাকিব৷
শুকুৰবাৰে নিশাৰ ভাগত কাৰ্বি আংলঙৰ পাঞ্জুৰী গাঁৱত একাংশ স্থানীয় লোকৰ হাতত নিহত হয় গুৱাহাটীৰ বাসিন্দা নিলোৎপল দাস আৰু অভিজিত নাথ৷ এই ঘটনাই অসমীয়াৰ নিৰ্মমতাৰ পৰিচয় দিছে বুলিও বিভিন্নজনে ক্ষোভ উজৰা পৰিলক্ষিত হৈছে৷
যোৱা কিছুদিন ধৰি অসমৰ ছচিয়েল মিডিয়াত সোপাধৰাৰ সন্দৰ্ভত ব্যাপক প্ৰচাৰ হৈ অহাৰ সময়তে শুকুৰবাৰে নিশা জিঘাংসাৰ বলি হয় গুৱাহাটী মহানগৰীৰ দুই যুৱক৷ সন্ধিয়া প্ৰায় ৬ বজাত কাৰ্বি পাহাৰৰ ডকমকাৰ কাণ্ঠিলাংৰ পাঞ্জুৰীত উপস্থিত হৈছিল দুই যুৱক৷ তাৰ পিছতে একাংশ লোকে ঘৰৰ পৰা ওলাই আহে৷ ক্ৰমান্বয়ে বহু মানুহৰ সমাগম ঘটে৷ একাংশ লোকে প্ৰথমে সোপাধৰা বুলি কয় দুই যুৱকক৷
তাৰ পিছতে মাৰধৰ কৰিবলৈ আৰম্ভ কৰে কেইজনামন উদণ্ড যুৱকে৷ প্ৰয়া দুই ঘণ্টা সময় মৰিয়াই মৰিয়াই হত্যা কৰা হয় ২ যুৱকক৷ পিছতে আৰক্ষীয়ে এই খবৰ লাভ কৰে নিশা প্ৰায় ৮.৩৫ মিনিটত আৰু মৃতদেহ উদ্ধাৰ কৰে৷ এই ঘটনাই তীব্ৰ চাঞ্চ্যৰ সৃষ্টি কৰিছে সমগ্ৰ দেশতে৷ একাংশ লোকে সোপাধৰা বুলি সন্দেহ কৰে দুই যুৱকক হত্যা কৰাৰ খবৰৰ প্ৰচাৰ হোৱাৰ পিছতে ছচিয়েল মিডিয়াত বিভিন্ন মন্তব্য প্ৰকাশ কৰা দেখা গৈছে৷
কাৰ্বি আংলং জিলাৰ পাঞ্জুৰী কাছাৰীগাঁৱত একাংশ লোকে সোপাধৰাৰ সন্দেহত অভিজিত নাথ আৰু নিলোৎপল দাসক এখন কলা গাড়ীত ৰাইজে যুৱকদুজনক উদ্ধাৰ কৰিছিল৷ তেওঁলোকৰ সৈতে চকলেট পোৱাত শিশু অপহৰণকাৰী বুলি সন্দহ কৰি মাৰধৰ কৰে৷
জানিব পাৰ মতে, নিশা কাৰ্বি আংলং জিলাৰ ডকমকাৰ কাণ্ঠিলাংছোৰ জলপ্ৰপাত উপভোগ কৰিবলৈ গৈছিল গুৱাহাটী মহানগৰীৰ দুই যুৱক৷ গণ প্ৰহাৰৰ বলি হোৱা দুই যুৱকে নিজকে অসমীয়া বুলি পৰিচয় দি মৰণ কাতৰ আহ্বান জনাই থকাৰ পিছতো মাৰিবলৈ এৰা নাছিল৷ মই অসমীয়া হয়৷ মোৰ দেউতাৰ নাম গোপাল চন্দ্ৰ দাস, মা-ৰ নাম ৰাধিকা দাস বুলি চিঞৰি থকাৰ পিছতো একাংশ লোকে বৰ্বৰ ভাবে আক্ৰমণ কৰি গৈছিল দুয়ো যুৱকক।