তিনিচুকীয়াঃ মৃত্যুনো কি৷ এটা নশ্বৰ দেহ, এখন উকা কাপোৰ, দুটোপাল অশ্ৰু৷ সেয়াই মৃত্যু৷ সেইদিনাখন বুকুৰ মৰমেৰে সি এজনী ছোৱালীৰ সেউতাত ৰঙাকৈ বেলি এটা থাপিছিল৷ কিন্তু আজি তাইৰ বুকুত বেলিটো মাৰ যোৱাৰ বিষাদৰ লহৰ৷ কান্দোনত তাইৰ আকাশ কঁপিছে৷ দুচকুৰে বৈছে চকুলোৰ বৰষুণ৷

ডিব্ৰুগড় জিলাৰ ৰাজগড়ৰ বজৰংগী পাণৱালা বুলি ক’লে সকলোৱে জানে৷ টিকটিকিয়া ৰঙা দুহাত আৰু ওঁঠৰ হাঁহিৰে সকলোকে স্বাগতম জনোৱা বজৰংগীৰ উপাধিটো বহুতেই নাজানে৷ চলমান খানৰ বজৰংগী ভাইজান নামৰ চিনেমা খনৰ জনপ্ৰিয়তাৰ পাছত একাংশই তাক বজৰংগী ভাইজান বুলি মাতিছিল৷ আৰু একাংশৰ বাবে সি আছিল মৰমৰ বজৰংগী পাণৱালা৷

পিতৃহাৰা ল’ৰাটোৱে সৰুতেই মাকৰ স’তে ফুটপাথত ভজা বুট আৰু পাণ-তামোল বেচিছিল৷ সেই ব্যৱসায়ে পিছত পাণ দোকানৰ ৰূপ ললে৷ লাহে লাহে তাক সকলোৱে চিনি পোৱা হ’ল৷ গ্ৰাহক বাঢ়িল৷ কৰ্মদক্ষতা আৰু তাৰ মন জয় কৰিব পৰা হাঁহিৰে ব্যৱসায় ভালকৈয়ে চলি থাকিল৷

এদিন অলেখ সপোন বুকুত বান্ধি সি সংসাৰৰ পাতনি মেলিলে৷ চেনেহৰ এনাজৰীৰে বান্ধি ৰখা তাৰ আপোনজনৰ সৈতে আৰম্ভ হ’ল এক নতুন জীৱন৷ কিন্তু নিয়তিৰ পৰিহাসত সুখবোৰ চগা হৈহে জ্বলিল৷ বন্ধুৰ সৈতে শিৱসাগৰৰ পৰা ৰাজগড়লৈ বাইকেৰে গৈ থাকোতে নৈশ বাছৰ চকাৰ তলত থমকি ৰয় তাৰ শেষ উশাহকণ৷

সোণাৰি মাইবেলাত নাগালেণ্ডৰ মনৰ পৰা ডিমাপুৰলৈ যোৱা AR-02-6331 নম্বৰৰ নাইট ছুপাৰখনে নিমিষতে মহতিয়াই নিয়ে তাৰ ভৱিষ্যত৷ ভয়ংকৰ দুৰ্ঘটনাটোত কথমপি প্ৰাণ ৰক্ষা পৰে তাৰ সৈতে একেলগে যোৱা আজগৰ আহমেদৰ৷

আৰ্থিক দৈন্যতাৰ পৰা নিষ্ঠা আৰু সততাৰে লাহে লাহে উন্নতিৰ জখলা বগাবলৈ আৰম্ভ কৰা বজৰংগী শ্বাহ ওৰফে সকলোৰে মৰমৰ বজৰংগী পাণৱালা আৰু বজৰংগী ভাইজানৰ পৰিয়ালটো আকৌ এবাৰ অভাৱত জুৰুলা হ’ল৷ ডিব্ৰুগড় জিলাৰ ৰাজগড়ৰ জনাজাত পাণ দোকানী বজৰংগী পাণৱালা এতিয়া মাথো আপোনজনৰ বুকুত এটা হুমুনিয়াহ হৈ ৰৈ গ’ল।