
ধিংঃ অসমীয়াৰ আবেগ-অনুভূতি জড়িত হৈ থকা অসম সাহিত্য সভা অসমীয়া সাহিত্যক চহকী কৰা একমাত্ৰ অনুষ্ঠান৷ আদৰৰ অনুষ্টানটোৱে সময়ে সময়ে বিতৰ্কৰ মাজত সোমাই পৰে যদিও একাংশ লোকে সাহিত্য সভাক সংস্কাৰ কৰাৰ বাবে চিন্তা চৰ্চা অব্যাহত ৰাখিছে৷ তাৰ মাজতে অসম সাহিত্য সভাই নতুন সমিতি গঠনৰ দিশেও আগবাঢ়িছে৷ অসম সাহিত্য সভাৰ বিষয়-ববীয়াৰ নিৰ্বাচণী প্রক্রিয়া চলি থকাৰ মাজতে বৃহস্পতিবাৰে পুৱাই সাহিত্য সভাৰ প্রধান সম্পাদক তথা সভাপতি পদৰ প্রাৰ্থী ড০ পৰমানন্দ ৰাজবংশীয়ে নগাঁও জিলাৰ বটদ্ৰৱাৰ জগতগুৰু শংকৰদেৱৰ জন্মস্থানত উপস্থিত হয়৷
বটদ্রৱা ধামত সেৱা লবৰ বাবে উপস্থিত হৈ বটদ্রৱা থানৰ কীৰ্তনঘৰত শৰাই আগবঢ়াই নাম-প্রসংগত অংশ গ্রহণ কৰে ৰাজবংশীয়ে৷ তাৰ পিছতে পদশিলা, পাটশিলা, শিলিখা বৃক্ষ, সাঁচি পাতৰ পুথি, হাতীপুখুৰী, আকাশী গংগা দৰ্শন কৰে ৰাজবংশীয়ে। থানৰ স্থায়ী কাৰ্যালয়ত পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক ব্রজেন কাকতিয়ে ধৰ্মবস্ত্র, গ্রন্থৰে আদৰণি জনাই সাহিত্য সভাৰ সভাপতি পদৰ প্রাৰ্থী ড০ পৰমানন্দ ৰাজবংশীক।
আনহাতে ব্রজেন কাকতিৰ হাতত ড০ ৰাজবংশীয়ে বটদ্রৱা থানত একুৰি আপুৰুগীয়া গ্রন্থৰ টোপোলা আগবঢ়াই। তাৎপৰ্যপূৰ্ণভাবে থান দৰ্শনৰ অন্তত প্রধান সম্পাদক গৰকীয়ে বটদ্রৱা আলিপুখুৰী শাখা সাহিত্য সভাই আয়োজন কৰা এখন বৈঠকত অংশ গ্রহন কৰে। সম্পাদক কন্দৰ্প কুমাৰ কলিতাই আঁতধৰা সভাখনত অসম সাহিত্য সভাৰ সহকাৰী সম্পাদক পুদম ৰাজখোৱা, সচিব চন্দন শৰ্মা, কেন্দ্রীয় কাৰ্যনিৰ্বাহক নিত্যানন্দ বৰা, নগাঁও জিলাৰ সম্পাদক যতীন সুত, সাহিত্যিক দিলীপ কুমাৰ নাথ, অধ্যাপিকা প্রণতি গোস্বামী, আলিপুখুৰী শাখা সাহিত্য সভাৰ সভাপতি গজেন ৰাজখোৱা, উপ-সভাপতি ইন্দ্রমোহন বৰুৱা, প্রমুখ্য কৰি শতাধিক লোকে অংশ গ্রহন কৰে।
গুৰুজনাৰ আশীষ লৈ নতুন প্রজন্মৰ সৈতে হাতে হাত ধৰি জাতীয় জীৱনৰ মন্দিৰ সাহিত্য সভাক নতুন ৰূপত আগবঢ়াই নিয়াৰ সংকল্প লয় সভাপতি পদৰ প্রাৰ্থী ড০ পৰমানন্দ ৰাজবংশীয়ে৷ জন্ম আবিৰ্ভাৱ ভূমিখণ্ড বটদ্রৱা ধামৰ পৰাই শ্রীমন্ত শংকৰদেৱে বৰ অসমৰ জাতি গঠনৰ আৰম্ভ কৰিছিল। গুৰুজনাৰ আশীষ শিৰতলৈ অসমৰ নতুন প্রজন্মৰ সৈতে হাতে হাত ধৰি জাতীয় জীৱনৰ মন্দিৰ সাহিত্য সভাক নতুন ৰূপত আগবঢ়াই নিয়াৰ সংকল্প লৈছো বুলিও কয় পৰমানন্দ ৰাজবংশীয়ে।