ডিজিটেল ডেস্কঃ যোগীৰ উত্তৰ প্ৰদেশত পুনৰ সংঘটিত হ’ল এক নৃশংস ঘটনা৷ অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ ফলত সংঘটিত হোৱা এই নৃশংস ঘটনাৰ বলি হ’বলগীয়া হয় এগৰাকী কিশোৰী৷ ঘটনাটো ইমানেই ঘৃণনীয় আছিল যে পিতৃ-মাতৃক ৫ কিলোগ্ৰাম সোণৰ লোভ দেখুৱাই কিশোৰী কন্যাক হত্যা কৰি এজন বেজে মৃতদেহটোকে ধৰ্ষণ কৰে৷

পিছত কনৌজৰ স্বৰ্ণ ব্যৱসায়ী ৫৫ বৰ্ষীয় মহাবীৰ প্ৰসাদ আৰু তেওঁৰ স্ত্ৰী পুষ্পাই বেজৰ প্ৰতিশ্ৰুতি অনুযায়ী সোণ নোপোৱাত আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰে৷ আৰক্ষীৰ ওচৰত দাখিল কৰা এজাহাৰত কৃষ্ণ শৰ্মা নামৰ এজন লোকে তেওঁলোকৰ ১৫ বৰ্ষীয় কিশোৰী কন্যা কবিতাক অপহৰণ কৰা বুলি উল্লেখ কৰিছে৷ আৰক্ষীৰ জেৰাত কৃষ্ণই দিয়া স্বীকাৰোক্তি শুনি হতবাক হৈ পৰে সকলো৷ লোকজনে জনোৱা মতে, পিতৃ-মাতৃৰ অনুমতিতেই হেনো তেওঁ কিশোৰীগৰাকীক হত্যা কৰি ধৰ্ষণ কৰিছিল৷

জানিব পৰা মতে, বিগত কিছুদিন ধৰি আৰ্থিক অনাটনত ভুগিছিল স্বৰ্ণ ব্যৱসায়ী মহাবীৰ৷ তেনেতে এদিন গাড়ী চালক হিচাপে কৰ্মৰত কৃষ্ণ প্ৰসাদে তেওঁলোকক বুজনি দিয়ে যে যদিহে কিশোৰী কন্যাক বলিদান দিয়ে তেন্তে কেইঘণ্টামানৰ পিছতে মাটিৰ তলত ৫ কিলোগ্ৰাম স্বৰ্ণ লাভ কৰিবলৈ সমৰ্থ হ’ব৷

কৃষ্ণৰ কথা শুনি মঙলবাৰে নিশা আটায়েই মিলিত হৈ কিশোৰী কন্যা কবিতাক লগত লৈ অন্নপূৰ্ণা মন্দিৰলৈ গৈ পূজা আৰম্ভ কৰে৷ পূজাৰ নিয়ম অনুযায়ী কিশোৰী কন্যাক নগ্ন কৰি পূজাৰীয়ে সংগমত লিপ্ত হ’ব লাগে বুলি জনায়৷ সেয়ে পূজাৰী ৰূপী কৃষ্ণই ইয়াৰ বাবে পিতৃ-মাতৃৰ অনুমতি বিচাৰে৷

পিতৃ-মাতৃয়েও ৫ কিলোগ্ৰাম স্বৰ্ণৰ লোভত একেষাৰে অনুমতি দিয়ে৷ লগে লগে পিতৃ-মাতৃৰ সমুখতে নগ্ন কৰি ধৰ্ষণ কৰা হয় কবিতাক৷ তাৰ পিছত ডিঙি চেপি হত্যা কৰি মৃতদেহটোকে পূজাৰ নিয়মৰ দোহাই দি পুনৰ ধৰ্ষণ কৰে দানৱ কৃষ্ণই৷ শেষত কবিতাৰ মৃৃতদেহটোৰ ডিঙিত বলি কটা দাৰে ঘপিয়াই ৰক্ত বাহিৰ কৰি দেৱতাক উসৎৰ্গা কৰে৷

মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে বুলি জানিবলৈ দিছে কনৌজৰ ASP কেশৱ গোস্বামীয়ে৷ ইতিমধ্যে বেজৰূপী কৃষ্ণৰ লগতে কবিতাৰ পিতৃ-মাতৃকো আটক কৰিছে আৰক্ষীয়ে৷ জানিব পৰা মতে, দম্পতিটোৰ আৰু এগৰাকী কন্যা আছে৷