মঙলদৈঃ বিদ্ৰোহী সংগঠন আলফাৰ ভাল দিন আহিল নেকি। চৌদিশে এতিয়া আলফা জিন্দাবাদ ধ্বনি। নগাঁও কাণ্ডৰ পাছৰে পৰা ৰাজ পথত আলফা জিন্দাবাদ ধ্বনিৰে কপি উঠিছে ৰাজ্যৰ ৰাজ পথ। আজি মঙলদৈতো আহিল আলফাৰ ভাল দিন৷ আলফা জিন্দাবাদ ধ্বনিৰে আজি মুখৰিত হল মঙলদৈ চহৰ৷

নগাঁৱত খিলঞ্জীয়াক অনা-অসমীয়াই কৌশলেৰে মাতি নি হত্যাৰ চেষ্টা চলোৱাৰ প্ৰতিবাদত আজি মঙলদৈত প্ৰাক্তন আলফা ঐক্য মঞ্চ আৰু অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ লগতে বিভিন্ন দল-সংগঠনে আলফা জিন্দাবাদ¸ পৰেশ বৰুৱা জিন্দাবাদ আদি ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷