
গুৱাহাটীঃ অখিল গগৈৰ কাষত থিয় দিছে অসম স্বাধীন কৰাৰ সপোন দেখা বিদ্ৰোহী সংগঠন আলফা স্বাধীনে। কৃষক নেতা অখিল গগৈক ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত গ্ৰেপ্তাৰ কৰাৰ লগতে প্ৰাক্তন আলফা জীতেন দত্তক আৰক্ষী থানাত হাজিৰ হ’বলৈ জাননী জাৰি কৰাত ৰাজ্যজুৰি প্ৰতিবাদ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে বিদ্ৰোহী সংগঠন সংযুক্ত মুক্তি বাহিনী অসমে (স্বাধীন) আজি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অখিল গগৈক গ্ৰেপ্তাৰ কৰা কাৰ্যক গৰিহণা দিয়ে৷
আলফাৰ সহকাৰী তথ্য আৰু প্ৰচাৰ সম্পাদক অৰণোদয় অসমে সংবাদমাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিযোগে ঔপনিৱেশিক ভাৰত ৰাষ্ট্ৰৰ সংবিধানভূক্ত নাগৰিকৰ বাবে গণতান্ত্ৰিক অধিকাৰ, ন্যায় ব্যৱস্থা আদি সকলো মাথো প্ৰহসন বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে৷ যাৰ পৰিপ্ৰেক্ষিতত সংগঠনটোৱে আজিকোপতি সশস্ত্ৰ নীতিত অটল বুলিও উল্লেখ কৰে৷
ঔপনিবেশিক ৰাষ্ট্ৰযন্ত্ৰই সাধৰণ ৰাইজৰ ন্যুনতম গণতান্ত্ৰিক অধিকাৰ কোনো মূল্য নিদিয় বুলিও সংগঠনটোৱে বিবৃতিত উল্লেখ কৰিছে৷ সংগঠনটোৱে কয় য়ে, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈক গ্ৰেপ্তাৰ কৰি ভাৰত ৰাষ্ট্ৰই তাৰ শেহতীয়া উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে৷
যদিহে বঞ্চিত সাধাৰণ ৰাইজৰ হকে গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ যাওঁতে গ্ৰেপ্তাৰ হ’ব লগা হয়, তেন্তে কোনো কাৰণতে ভাৰত গণতান্ত্ৰিক ৰাষ্ট্ৰ হ’ব নোৱাৰে বুলিও সংগঠনটোৱে দাবী কৰে৷ প্ৰকৃতাৰ্থত ভাৰত ৰাষ্ট্ৰত যে গণতন্ত্ৰ নাই অখিল গগৈক গ্ৰেপ্তাৰ কৰি দখলদাৰী ৰাষ্ট্ৰ শক্তিয়ে প্ৰমাণ কৰিছে বুলিও কয় আলফা স্বাধীনে৷
থলগিৰিৰ প্ৰতিবাদী কন্ঠ ৰোধ কৰাৰ নিকৃষ্ট ষড়যন্ত্ৰক বিবৃতিযোগে গৰিহণা দিয়ে সংগঠনটোৱে৷ ঔপনিবেশিক ভাৰত ৰাষ্ট্ৰই নিৰপৰাধী থলগিৰিৰ ওপৰত চলাই থকা এনে স্বেচ্ছাচাৰিতাৰ আকৌ এবাৰ প্ৰমাণ কৰা বুলি কৈ আলফা স্বাধীনে থলগিৰি ৰাইজে ঔপনিবেশিক ৰাষ্ট্ৰৰ চৰিত্ৰ তথা বৈশিষ্ট বুজি উঠিছে বুলি কয়৷ ‘ভূ লুন্ঠিত গণতন্ত্ৰত ৰাষ্ট্ৰ শক্তিৰ ইচ্ছা যিহেতু সৰ্ব্বশেষ কথা গতিকে সশস্ত্ৰ সংগ্ৰামত গত্যন্তৰ নাই বুলি স্পষ্ট কৰি ভাৰতত গণতন্ত্ৰ নাই বাবেই সশস্ত্ৰ সংগ্ৰাম একমাত্ৰ বিকল্প বুলিও স্পষ্ট কৰি দিয়ে সংগঠনটোৱে৷