তিনিচুকীয়াঃ তিনিচুকীয়া জিলাৰ বৰডুমচাৰ কুজুপথাৰত আলফা স্বাধীন আৰু আৰক্ষীৰ মাজত সংঘটিত সংঘৰ্ষত এগৰাকী যুৱ আৰক্ষীৰ বিষয়া শ্বহীদ হোৱাৰ ঘটনাক সহজ ভাবে লব পৰা নাই বিভিন্ন পক্ষই।

অভিযানৰ বাবে সাজু হৈ যোৱা এটা দলৰ এগৰাকী আৰক্ষী বিষয়াৰ দেহত কেইবাটাও গুলী লগাৰ লগতে বুলেট প্ৰুফ জেকেট পিন্ধি থকাৰ পিছত কেনেদৰে দেহত গুলী লাগিল তাক লৈ আৰম্ভ হৈছে চৰ্চা।

শুকুৰবাৰে বিয়লি আলফা স্বাধীনেৰে আৰক্ষী-সেনাৰ সংঘৰ্ষত গুলীবিদ্ধ হৈ চিকিৎসালয়ত মৃত্যুক আকোৱালি লয় বৰডুমচা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰ কলিতাই। জানিব পৰা মতে, দিনৰ প্ৰায় ১২ বজাত আলফাৰ দল এটা বৰডুমচাত প্ৰৱেশৰ খবৰ লাভ কৰিছিল আৰক্ষীয়ে৷ 

তাৰ পিছতে যুৱ আৰক্ষী বিষয়াগৰাকীয়ে চিআৰপিএফৰ দল সহ ঘেৰাও কৰে উক্তস্থান৷ আলফাৰ দলটোৰ সৈতে প্ৰথমে গুলীয়াগুলি লাগে আৰক্ষী-চিআৰপিএফৰ৷ পিছত সেনাই নেতৃত্ব লয় অভিযানৰ৷ তেনে সময়তে আলফাৰ দলে গ্ৰেনেড নিক্ষেপ কৰাৰ লগতে একেৰাহে গুলীচালনা কৰাত বৰডুমচা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰ কলিতাৰ দেহত কেইবাটাও গুলী লাগে৷ 

ততাতৈয়াকৈ ভাস্কৰ কলিতাক ডিগবৈৰ অইল হস্পিতালত ভৰ্তি কৰে যদিও চিকিৎসাকে মৃত্যু হোৱা বুলি ঘোষণা কৰে৷ আনহাতে আৰক্ষী, চিআৰপিএফ আৰু সেনাৰ গুলীত জান অসম নামৰ এগৰাকী আলফা (স্বাধীন)ৰ সদস্য নিহত হোৱাৰ লগতে এগৰাকী নিৰীহ যুৱতীৰো মৃত্যু হয়৷ তদুপৰি আলফা-আৰক্ষীৰ সংঘৰ্ষত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াজনৰ বাহনৰ চালক আৰু ৩গৰাকী চিআৰপিএফৰ জোৱান আহত হয়। 

নিহত আৰক্ষী বিষয়া ভাস্কৰ কলিতাৰ নশ্বৰ দেহ মৰোণত্তৰ পৰীক্ষা সম্পূৰ্ণ কৰাৰ পাছত তিনিচুকীয়াৰ আৰক্ষী ছাউনীত শেষ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে আৰক্ষী সঞ্চালকপ্ৰধান কুলধৰ শইকীয়াই৷ শনিবাৰে আৰক্ষী বিষয়াগৰাকীৰ নশ্বৰ দেহ গুৱাহাটীলৈ লৈ অনা হ’ব বুলি আৰক্ষী সুত্ৰে প্ৰকাশ৷ ইপিনে আৰক্ষী বিষয়াগৰাকী আলফাৰ টাৰ্গটত আছিল বুলি জানিব পৰা যায়। এই কথা আৰক্ষীৰ উচ্চপদস্থ বিষয়াকো অৱগত কৰিছিল বুলি পিৰয়ালৰ লোকে সংবাদ মাধ্যমক অৱগত কৰে।

ইফালে এটি ব্যক্তিগত খণ্ডৰ সংবাদ মাধ্যমলৈ বিবৃতি প্ৰেৰণ কৰি আলফা (স্বাধীন)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই ঘটনা সন্দৰ্ভত স্পষ্টীকৰণ দিয়ে৷ সেনাধ্যক্ষগৰাকীয়ে বিবৃটোত কয় যে আলফা কেতিয়াও অসমৰ আৰক্ষীৰ পৰিপন্থী নহয়৷ শুকুৰবাৰে বৰডুমচাত সংঘটিত ঘটনা ইচ্চাকৃত নহয়৷ আৰক্ষীয়ে আলফা সদস্যক আক্ৰমণ কৰাত আলফা সদস্যসকলে নিজৰ বচাবলৈ আৰক্ষীৰ ওপৰত গুলিবৰ্ষণ কৰিছিল বুলি মন্তব্য কৰি পৰেশ বৰুৱাই আৰক্ষী বিষয়া ভাস্কৰ কলিতাৰ মৃত্যুত শোক প্ৰকাশ কৰে৷ 

বিবৃতিযোগে পৰেশ বৰুৱাই কয়, ‘বিগত বহু বছৰ আমি কোনো অসম আৰক্ষীক আক্ৰমণ কৰা নাই৷ ভাস্কৰ কলিতা অসমৰে সন্তান৷ তেওঁৰ মৃত্যু এক দুৰ্ঘটনাহে৷ আমি তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰিছো৷ তেওঁ আমাৰ বিৰুদ্ধে চলোৱা অভিযানৰ নেতৃত্ব লৈ সেনাৰ সতে আমাক মাৰিবলৈ আহিছিল৷ আমি তাৰ প্ৰত্যুত্তৰ দিয়াত তেখেতৰ গাত গুলি লাগে৷ আমি কেৱল প্ৰাণ ৰক্ষাৰ বাবেহে প্ৰত্যাক্ৰমণ কৰিছিলো৷’

ইফালে আৰক্ষী বিষয়াৰ মৃত্যুত শোক প্ৰকাশ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। শীঘ্ৰে দোষীক কৰায়ত্ব কৰিবলৈ আৰক্ষী সঞ্চালকপ্ৰধান কুলধৰ শইকীয়াক নিৰ্দেশ দিয়ে৷