মঙলদৈঃ দৰং জিলাৰ পাচেতি মহোৎসৱ উপভোগ কৰিবলৈ দূৰ-দূৰণিৰ পৰা মানুহৰ সমাগম ঘটিছে জিলা খনত৷ খটৰা সত্ৰৰ ওচৰৰ গাওঁ সমূহৰ প্ৰতিঘৰ মানুহ এতিয়া ব্যস্ত পাচেতি মহোৎসৱক লৈ। যেন উচাহৰ ঢল হে নামি আহিছে। দৰং জিলাৰ ইতিহাস প্ৰসিদ্ধ খটৰা সত্ৰত শনিবাৰৰ পৰা আৰম্ভ হৈছে পাচেতি মহোৎসৱ।

ঐতিহ্যমণ্ডিত ৪৪৯ বছৰীয়া দৰঙৰ খটৰাসত্ৰত দৰঙী ৰাইজে একত্ৰিত হোৱা পৰিলক্ষিত হয়। ৩০ ভাদৰ পৰা ৩ আহিনলৈ  সত্ৰীয়া উৎসৱৰ ভোগজৰা পাচতি মহোৎসৱ পালন কৰা হ’ব। পাঁচ দিনীয়া কাৰ্যসুচীৰে অনুষ্ঠিত হ’বলগীয়া পাচতি মহোৎসৱত শনিবাৰৰ পৰা লোকে লোকাৰণ্য হৈ পৰিছে।