কোকৰাঝাৰঃ স্বদেশীৰ শ্লোগান দিয়া পতঞ্জলিয়ে নিশাৰ আন্ধাৰত বানাক্ৰান্তৰ মাজত বান সাহায্য বিতৰণৰ নামত ম্যাদ উকলি যোৱা খাদ্য সামগ্ৰী বিতৰণ কৰা কাৰ্যই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

বুধবাৰে নিশা কোকৰাঝাৰ জিলা পতঞ্জলি সমিতিয়ে ম্যাদ উকলি যোৱা খাদ্য-সামগ্ৰী সমূহ বানপীড়িত ৰাইজৰ মাজত বিতৰণ কৰাত আৰু স্বদেশী খাদ্য বুলি বন্যাৰ্তই আগ্ৰহেৰে গ্ৰহণ কৰি সেয়া খোৱাত এতিয়া শিশু, মহিলাকে ধৰি বহ সংখ্যক লোক অসুস্থ হৈ পৰা বুলি জানিব পৰা গৈছে।

প্ৰাপ্ত বাতৰি অনুসৰি কালি সন্ধিয়া কোকৰাঝাৰ সদৰ থানাৰ নিলগৰ কোকৰাঝাৰ বাগিছা গাওঁত (নামাপাৰা) পতঞ্জলিৰ কোকৰাঝাৰ জিলা সমিতিয়ে বান সাহাৰ্যৰ নামত খাদ্য-সামগ্ৰী বিতৰণ কৰে ৷ পতঞ্জলি লেমন, বিস্কুট আদিকে ধৰি প্ৰায়ভাগ পুষ্টিকৰ খাদ্য সামগ্ৰী বিতৰণ কৰে যদিও সেয়া খোৱাৰ পিছত বন্যাৰ্তসকল অসুস্থ  হৈ পৰে।

পিছত খাদ্য সামগ্ৰীসমূহ পৰীক্ষা কৰাত  ম্যাদ উকলি যোৱাটো প্ৰমাণিত হয় আৰু পতঞ্জলিৰ এনে কু-কাৰ্য পোহৰলৈ অহাত তীব্ৰ চাঞ্চল্য আৰু ক্ষোভৰ সৃষ্টি হয়। ম্যাদ উকলি যোৱা  সত্বেও কি অভিসন্ধি লৈ পতঞ্জলিৰ জিলা সমিতিয়ে বানপীড়িতলৈ খাদ্য সামগ্ৰীসমূহ আগবঢ়াইছিল সেয়া অদ্যপি স্পষ্ট হোৱা নাই যদিও উক্ত খাদ্য গ্ৰহণ কৰি শিশু, পুৰুষ-মহিলাকে ধৰি প্ৰায় অৰ্ধশতাধিক লোক অসুস্থ হৈ পৰাত পৰিস্থিতি উত্তেজনাময় হৈ পৰিছে ৷

ব্যাপক চাঞ্চল্যকাৰী উক্ত ঘটনাৰ পিছত আজি পতঞ্জলিৰ কোকৰাঝাৰ জিলা সমিতিৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ ক্ষমাভিক্ষা মাগে আৰু ম্যাদ উকলি যোৱা সামগ্ৰীসমূহ সংগ্ৰহ কৰি ওভতাই আনে যদিও পতঞ্জলিৰ খাদ্য সামগ্ৰী খাই অসুস্থ্ হৈ পৰা বন্যাৰ্তৰ চিকিৎসা সন্দৰ্ভত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে।