28
May
2017

চামগুৰিঃ চামগুৰিৰ উদমাৰিত বন্যহস্তীৰ কৰুণ মৃত্যু। উদমাৰিৰ সদাশিৱ পাহাৰত এটা মখনা হাতীৰ মৃতদেহ উদ্ধাৰকলৈ চাঞ্চল্য। হাতীটোৰ পিছৰ ঠেঙৰ সোঁ ভৰিত পুৰণি আঘাতৰ চিন স্পষ্ট। সেই আঘাত হোৱা স্থানত সংক্ৰমণ হৈ সম্ভৱতঃ বন্যহস্তীৰ কৰুণ পৰিণতি বুলি চৰ্চা।
কোনো দুৰ্বৃত্তই পূৰ্বতে কাৰ্বি পাহাৰত গুলিয়াই আহত কৰাৰ সন্দেহ ৰাইজৰ। বন্যহস্তীটোৰ মৰণোত্তৰ পৰীক্ষাৰ পিছতহে মৃত্যুৰ প্ৰকৃত ৰহস্য ফাদিল হ’ব বুলি বন বিভাগৰ সূত্ৰত প্ৰকাশ। তাৎপৰ্যপূৰ্ণ যে শনিবাৰে এই অঞ্চলটো পৰিদৰ্শন কৰিছিল বন মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মই।