
newsnextone.com | কোকৰাঝাৰঃ সদৌ অসম বিশ্ববিদ্যালয় কৰ্মী মহাসংঘৰ দ্বি-বাৰ্ষিক অধিবেশন কোকৰাঝাৰস্থিত বডোলেণ্ড বিশ্ববিদ্যালয়ত অনুষ্ঠিত হয়। সদৌ অসম বিশ্ববিদ্যালয় কৰ্মী মহাসংঘৰ সভাপতি ভবানন্দ বৰ্মনৰ সভাপতিত্বত অনুষ্ঠিত হোৱা অধিবেশনত চাৰিখন বিশ্ববিদ্যালয়ৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।
অধিবেশনত বিশ্ববিদ্যালয়ৰ অনা শিক্ষক কৰ্মচাৰীসকলৰ বৰ্ধিত বানচ প্ৰসংগত সপ্তম দৰমহা আয়োগে প্ৰদৰ্শন কৰা লেহেমীয়া গতিৰ বিৰুদ্ধে প্ৰতিনিধিবৰ্গই ক্ষোভ প্ৰকাশ কৰি চলিত মাহতে সংশোধিত হাৰত দৰমহা আৰু আয়োগৰ প্ৰতিবেদন প্ৰকাশ নকৰিলে ৬ ঘণ্টীয়া আন্দোলনৰ কাৰ্যসূচী ৰূপায়ন কৰা হ’ব বুলি সদৰি কৰিছে।
উল্লেখ্য যে, বডোলেণ্ড বিশ্ববিদ্যালয়ত অনুষ্ঠিত হোৱা সদৌ অসম বিশ্ববিদ্যালয় কৰ্মী মহাসংঘৰ দ্বি-বাৰ্ষিক অধিবেশনতে পৰবৰ্তী কাৰ্যকালৰ বাবে পৰাগ প্ৰতীম শইকীয়াক সভাপতি, অকণ ৰায়ক সম্পাদক, ডেটচিনফা বসুমতাৰীক কোষাধ্যক্ষ, ৰৈচুমী নাৰ্জাৰীক বিত্ত সহায়ক আৰু চিত্তৰঞ্জন কলিতাক সাংগঠনিক সম্পাদক হিচাপে লৈ এক সমিতি গঠন কৰা হয়। সদৌ অসম বিশ্ববিদ্যালয় কৰ্মী মহাসংঘৰ নৱনিৰ্বাচিত সভাপতি পৰাগ প্ৰতীম শইকীয়াই কৰ্মচাৰীসকলৰ উন্নয়নৰ বাবে নিঃস্বাৰ্থভাৱে কাম কৰি যাব বুলি প্ৰকাশ কৰে।