
নগাঁওঃ এখন জিলাৰ ৬ গৰাকী শিক্ষকক চৰকাৰে বেছিকৈ দিব দৰমহা৷ এই নিৰ্দেশ দিয়া বুলি প্ৰচাৰ হোৱাৰ পাছৰে পৰা আৰম্ভ হৈছে হৈ-চৈৰ৷ ৰাজ্যৰ এখন জিলাৰ শিক্ষা বিষয়াই এই নিৰ্দেশ দিয়া বুলি অভিযোগ উত্থাপন হৈছে৷ এই নিৰ্দেশ নগাঁও জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ৷
প্ৰাথমিক শিক্ষা বিষয়া আনিছুৰ ৰহমানে ৬গৰাকীকৈ উচ্চ প্ৰাথমিক বিদ্যালয়ত কৰ্মৰত শিক্ষকক বৰ্ধিত হাৰত দৰমহা দিবলৈ জিলা কোষাগাৰ বিষয়াক দিয়া নিৰ্দেশক লৈ সম্প্ৰতি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷
জিলা প্ৰাথমিক শিক্ষা বিষয়া আনিচুৰ ৰহমান চৌধুৰীয়ে যোৱা ২৭ ফেব্ৰুৱাৰী আৰু ১৮ জুলাইত দিয়া DEEO(N)Adv.Inc-2016-17-2950-67 আৰু DEEO(N)Adv.Inc-2016-17-14088-95ৰ মে’ম নং পত্ৰ মতে জিলা কোষাগাৰ বিষয়াক ৰূপহী শিক্ষা খণ্ডৰ ৩ জন আৰু লাওখোৱা শিক্ষা খণ্ডৰ ২ জনকে ধৰি জিলাখনৰ মুঠ ৬ গৰাকীকৈ শিক্ষকক ২০১২-২০১৩ আৰু ২০১৪ চনৰ পহিলা জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ গ্ৰেজুৱেট স্কেলৰ দৰমহা আদায় দিবলৈ নিৰ্দেশ জাৰি কৰিছে৷
যাৰ বাবে শিক্ষককেইজনৰ কৰ্মৰত বিদ্যালয়ৰ প্ৰধান শিক্ষকসকল একপ্ৰকাৰে বিপাঙত পৰিছে৷ চলিত বৰ্ষৰ মাৰ্চ-এপ্ৰিল পৰ্যন্ত বিদ্যালয়ৰ সকলোবোৰ চৰকাৰী নথিত নন্ গ্ৰেজুৱেট হিচাপে নথি দাখিল কৰা তথা স্নাতকৰ প্ৰমাণ পত্ৰ দাখিল নকৰা শিক্ষকসকলৰ প্ৰমাণপত্ৰ পৰীক্ষা নকৰাকৈ কি কাৰণত জিলা প্ৰাথমিক শিক্ষা বিষয়াই এইকেইজন শিক্ষকক ২০১২-২০১৩ আৰু ২০১৪ চনৰ পহিলা জানুৱাৰীৰ পৰা গ্ৰেজুৱেট স্কেলৰ দৰমহা আদায় দিবলৈ নিৰ্দেশ প্ৰেৰণ কৰিছে তাক লৈ ব্যাপক চৰ্চা চলিছে৷
জিলা প্ৰাথমিক শিক্ষা বিষয়াগৰাকীয়ে অৱসৰ গ্ৰহন কৰিবলৈ মাত্ৰ কেইটামান মাহহে বাকী থকা হেতুকে প্ৰয়োজনীয় কাৰিকৰী দিশ পৰ্যবেক্ষণ নকৰাকৈ চৰম মইমতালিৰে উক্ত নিৰ্দেশ জাৰি কৰা বুলি অভিযোগ উত্থাপিত হৈছে ৷