
চামগুৰিঃ নগাঁও জিলাৰ চামগুৰিৰ সংযুক্ত সাংবাদিক সন্থা চমুকৈ উকাচে নিউজ-১৮ অসম নৰ্থ ইষ্টৰ তেজপুৰৰ ফটো সাংবাদিক অপূৰ্বজ্যোতি পটংগীয়াক শেষ শ্ৰদ্ধাঞ্জলি যাচে৷ মঙলবাৰে কলিয়াবৰত এটি শোকাৱহ পথ দুৰ্ঘটনাত মৃত্যু হয় পূৰ্বজ্যোতি পটংগীয়াৰ৷ বুধবাৰে মৃতদেহ গুৱাহাটীৰ পৰা নিজা বাসভৱনলৈ আনি থকাৰ অৱস্থাত শেষ শ্ৰদ্ধা জ্ঞাপন কৰে চামগুৰিৰ সংবাদিকগৰাকীয়ে।
চামগুৰি গড়কাপ্তানি পৰিদৰ্শন ভৱনৰ সন্মুখত, ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত নিৰ্ভীক, নিৰহংকাৰী তথা সততা, নিষ্ঠা আৰু দায়বদ্ধতাৰ প্ৰতীকস্বৰূপ সৰবৰহী সাংবাদিকগৰাকীৰ প্ৰতি উকাচৰ সদস্যসকলে শেষ শ্ৰদ্ধা যাচে।
উকাচৰ সাধাৰণ সম্পাদক নীলৰঞ্জন শৰ্মাই আঁত ধৰা অনুষ্টুপিয়া অনুষ্ঠানটোত উকাচৰ সভাপতি প্ৰদীপ বৰা, কাৰ্যকৰী সভাপতি নৱজ্যোতি বৰা, সহঃ সম্পাদক ভাৰ্গৱ হাজৰিকা, কৃষ্ণ শইকীয়া, জিতুমণি শইকীয়া, আছিৰুল হ'ক প্ৰমুখ্যে অন্যান্য সদস্যসকলৰ লগতে চামগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজীৱ বৰ্মন, নিউজ-১৮ অসমৰ নগাঁৱৰ সাংবাদিক নিলোৎপল বৰা উপস্থিত থাকি বিদেহী আত্মাৰ চিৰশান্তিৰ কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে৷