গুৱাহাটীঃ হত্যা-হিংসাৰ বিৰুদ্ধে জমিয়ত উলামায়ে হিন্দৰ আহ্বানত আজি সমগ্ৰ দেশতে ৰাজ পথলে ওলাই আহে মুছলিম সমাজ৷ শান্তিৰ শ্ল’গান দি ৰাজপথত সমদল কৰে দেশৰ প্ৰায়বোৰ চহৰতে৷ চৌদিশে হত্যা, হিংসা তথা সমাজ বিৰোধী চক্ৰই সাম্প্ৰদায়ীক মতভেদ সৃষ্টি কৰাৰ বাবে অহৰহ চেষ্টা কৰি অহাত ঐক্য-সংহতিৰ হকে ৰাজ পথলৈ ওলাই আহে লোকসকলে।

দেশৰ আন আন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰতো জমিয়ত উলেমা হিন্দে শান্তিৰ সমদল উলিয়ায়৷ জমিয়ত উলেমা হিন্দৰ অসম ৰাজ্যিক সমিতি আৰু কামৰূপ জিলা সমিতিৰ উদ্যোগত কেইবাশতাধিক লোকে মহানগৰীৰ দীঘলীপুখুৰীপাৰত মৌন শান্তি সমদল উলিয়ায়। সম্প্ৰতি ৰাজ্যত এক বিভেদ কামী শক্তীয়ে হিংসাত্মক পৰিবেশৰ বাতাবৰণ সৃষ্টি কৰাৰ চেষ্টা চলোৱাৰ বিপৰীতে সংগঠনটোৱে এই সমদল উলিয়ায়।

ধৰ্মৰ নামত একাংশ লোকে সাম্প্ৰদায়িক ভাতৃত্ব মনোভাৱ নিঃশেষ কৰিব খোজা বুলি অভিযোগ উত্থাপন কৰি এই সমদল উলিওৱা বুলি কয় সমদলত অংশ গ্ৰহণ কৰা কেইবাগৰাকী লোকে৷ ৰাইজৰ মাজত শান্তি সম্প্ৰীতি একাতাৰ ভাৱ অতুত ৰখাৰ স্বাৰ্থত অসম ৰাজ্যিক জমিয়ত উলামাই আহ্বান জনোৱা সমদল কাৰ্যসুচী ৰাজ্যৰ প্ৰতিখন জিলা সমিতিয়ে পালন কৰে। নগাঁও, বঙাইগাঁও আদি জিলাত ৰাজ পথলৈ ওলাই আহে ৰাইজ৷

নগাঁ ওজিলা জমিয়তৰ উদ্যাগত নগাঁও চহৰত বিশাল শান্তি সমদল উলিয়ায়। ধিংৰ বিধায়ক আমিনুল ইছলামে কাৰ্যসুচীত অংশ গ্ৰহণ কৰি ধৰ্মৰ নামত চলা সাম্প্ৰদায়িক সংঘৰ্ষই ভাতৃত্ব মনোভাৱ নিঃশেষ কৰিব বুলি কৈ ৰাইজক শান্তি সম্প্ৰীতি একাতাৰ ভাৱ অতুত ৰখাৰ আহ্বান জনায়৷