লংকাঃ দেশ তথা ৰাজ্যত প্ৰতিদিনে সংঘটিত হৈ অহা হত্যা-ধৰ্ষণৰ বিৰুদ্ধে হোজাই জিলাৰ নীলবাগানত যুৱ প্ৰজন্মই প্ৰতিবাদ কৰিবলৈ ওলাই আহে৷ সোমবাৰে সন্ধিয়া মমবাতি জ্বলাই প্ৰতিবাদী সমদল উলিয়াই হোজাই জিলাৰ নীলবাগানত প্ৰতিবাদ জনায়৷ 

ৰাজপথত হাতে হাতে মমবাতি জ্বলাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি নাৰীক সুৰক্ষা দিয়াৰ দাবী জনায়৷ ন্যায় বিচাৰি নীলবাগানৰ শতাধিক যুৱকে নীলবাগান মডেল হস্পিতালৰ সন্মুখত সমবেত হৈ নীলবাগান তিনিআলিলৈ প্ৰায় এক কিলোমিটাৰ পথ সমদল কৰি প্ৰতিবাদ সাব্যস্ত কৰে। মানৱতাক ভূ-লুন্ঠিত কৰা দেশ তথা ৰাজ্যত সংঘটিত ঘটনাৰ অপৰাধীক ফাঁ‌চী দিয়াৰ দাবী জনায়৷