বালিপৰাঃ ৰাইজে শাৰী পাতি ভোট দি জনপ্ৰতিনিধিক ৰাজধানীলৈ পঠিয়ায়। কিন্তু ৰাজধানী পায়েই হেনো জননেতাৰ চিন্তা হয়গৈ অভিকেন্দ্ৰীক। সহজ ভাষাত ৰাইজকে পাহৰে ৰাইজৰ প্ৰতিনিধিয়ে। এনেকুৱাই ক্ষোভ বুকুত লৈ নৈত নামি পৰিল এজাক মানুহ। নিজে সাজি উলিয়ালে বাহ-কাঠৰ দলং।

শোণিতপুৰ জিলাৰ ৰঙাপৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত মোলানগাওঁ-ৰঙাপৰা সংযোগী একমাত্ৰ দলংখন ১৮ জুনত জৰাসৰ নৈৰ বাঢ়নী পানীয়ে উটুৱাই নিয়াৰ ফলত গাওঁবাসী ৰাইজ বিচ্ছিন্ন হৈ ৰ’বলগা হৈছিল। 

গাওঁখনৰ জৰাশৰ নদীখনৰ ওপৰত থকা একমাত্ৰ যোগাযোগৰ সম্বল এই দলংখন উটি যোৱাৰ ফলতে গাওঁবাসী ৰাইজৰ যোগাযোগ সম্পূৰ্নৰূপে বিচ্ছিন্ন জীৱন কটোৱাৰ লগতে সৃষ্টি হৈছিল এক দুৰ্বিসহ পৰিস্থিতি।

ৰোগীক ঠেলাৰে আনি কান্ধত উঠাই নদী পাৰ কৰিবলগীয়া দৃশ্যই ৰাইজৰ মনত এটাই কথাই ঢৌ তুলিছিল যে জননেতালৈ বাট চালে ৰাইজ নিগমে মৰিব। 

সেয়ে ৰাইজে নিজাববীয়াকৈ কাঠ-বাহ সংগ্ৰহ কৰি শ্ৰমদানেৰে নিৰ্মাণ কৰিলে উক্ত দলংখন। অসমক ছুইজাৰলেণ্ডলৈ ৰূপান্তৰ কৰাৰ কথা কোৱা পল্লৱলোচন দাসৰ সমষ্টিত এনেদৰে ৰাইজেই নিজেই নিজৰ ত্ৰাণকৰ্তা হৈ দেখুৱালে।