ধেমাজিঃ ধেমাজি জিলাত আজি বিদ্যুতৰ পকী খুটা গাৰ ওপৰত পৰি এজন লোকৰ মৃত্যু ঘটে৷ জানিব পৰা মতে, আজি পুৱা ধেমাজি দেঘৰীয়াত ধুমুহাৰ ফলত বিদ্যুতৰ লেহুকা খুটা এটা উভালি ব্যক্তিজনৰ গাৰ ওপৰত পৰে৷

গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত ব্যক্তিগৰাকীক ততাতৈয়াকৈ স্থানীয় হস্পিতাললৈ লৈ যোৱা হয় যদিও আদবাটতে ব্যক্তিগৰাকীৰ মৃত্যু ঘটে৷ নিহত ব্যক্তিগৰাকীৰ নাম সোষেশ্বৰ কোঁৱৰ বুলি জানিব পৰা গৈছে৷