24
Sep
2017

Jugantor
কাকপথাৰঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত লোকেল চুলাই মদৰ অবৈধ বেহা ৰমৰমীয়াকৈ চলি থকাৰ সময়তে লোকেল চুলাই মদ পান কৰি মৃত্যুক সাৱটি ললে ডুমডুমাৰ ডাঙৰী চাহ বাগিচাৰ পাচঁজনকৈ লোকে৷ লগতে লোকেল চুলাই খাই আহত হৈছে কেইবাজনো লোকো৷
নিহত কেইজন পাপু ঠাকুৰ (৩৫), অজিত তাঁতী (৩৫), বিশ্বনাথ তেলি (৫৫), দেৱজিৎ কাশ্যপ (৩৮) আৰু সন্তোষ কৰ্মকাৰ (৩২) বুলি জানিব পৰা গৈছে৷ আনহাতে আহত লোক কেইজনক চিকিৎসাৰ বাবে ডাঙৰী চাহ বাগিচা চিকিৎসালয়ত ভৰ্তি কৰা হৈছে৷
নিহত লোক কেইজনক মৰোণোওৰ পৰীক্ষা কৰিবলৈ তিনিচুকীয়ালৈ প্ৰেৰণ কৰা হৈছে৷