কাৰ্বি আংলংঃ বোকাজান মহকুমাৰ বৰপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত নামবৰ বনাঞ্চলত আজি দিনৰ প্ৰায় ১ বজাত এক ভয়াবহ পথ দূৰ্ঘটনা সংঘটিত হয়৷ দুৰ্ঘটনাত ৩ জন শ্ৰমিক ঘটনাস্থলীতে নিহত হোৱাৰ লগতে আন ২০ জন শ্ৰমিক আহত হয়।

উল্লেখ্য যে ডিফুৰ পৰা দেইথৰলৈ শ্ৰমিক কঢ়িয়াই নিয়া এএচ-০১ বিচি-২৩৫৩ নম্বৰৰ ব'লেৰ পিক আপ গাড়ীখনৰ একচেল ভাঙি যোৱাৰ বাবেই এই দুৰ্ঘটনাতো সংঘটিত হ'ল বুলি আহত শ্ৰমিকে জানিবলৈ দিয়ে।

ইতিমধ্যে আহতসকলক শিলনীজানতে প্ৰাথমিক চিকিৎসা প্ৰদান কৰি উন্নত চিকিৎসাৰ বাবে গোলাঘাট আৰু ডিফুলৈ প্ৰেৰণ কৰা হয়।