ডিব্ৰুগড়ঃ বানপানীৰ পিছত এইবাৰ ডিব্ৰুগড় জিলাত ভয়াৱহ ৰূপ ধাৰণ কৰিছে জাপানীজ এনকেফেলাইটিছ আৰু এনকেফেলাইটিছ সদৃশ ৰোগে। ডিব্ৰুগড়ৰ জিলা স্বাস্থ্য বিভাগে হাত সাৱটি বহি থকাৰ ফলতে এই ৰোগ নিয়ন্ত্ৰণত চূড়ান্ত ব্যৰ্থ হৈছে।

ডিব্ৰুগড় জিলা যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্য্যলয়ৰ পৰা লাভ কৰা তথ্যতে পোহৰলৈ আহিছে জাপানীজ এনকেফেলাইটিছ ৰোগৰ সংহাৰ ছবি। প্ৰাপ্ত তথ্য অনুসৰি জিলাখনত এই পৰ্য্যন্ত উক্ত দুই ৰোগত কেইবাটিও শিশুসহ ৩১ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে।

তদুপৰি এই ৰোগত আক্ৰান্ত হ’ল ২৩০ গৰাকীৰো অধিক লোক। বানপানীৰ পিছত এই ৰোগে জিলাখনত অধিক ভয়ানক ৰূপ লৈছে যদিও ৰোগ প্ৰতিৰোধত নিৰৱ দৰ্শক হৈ আছে সংশ্লিষ্ট বিভাগ। তথ্য অনুসৰি মৃত্যু হোৱা ৩১ গৰাকীৰ ভিতৰত ২১ গৰাকী জাপানীজ এনকেফেলাইটিছ ৰোগত আৰু ১০ গৰাকী এনকেফেলাইটিছ সদৃশ ৰোগত ইহ সংসাৰ ত্যাগ কৰিছে।

ইপিনে এতিয়ালৈকে ১৮১ গৰাকী ব্যক্তি জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হোৱাৰ বিপৰীতে এনকেফেলাইটিছ লক্ষণযুক্ত ৰোগত আক্ৰান্ত হ'ল ৫২ গৰাকী।

আনহাতে জিলাখনত বহু ঠাইত বানপানীৰ পিছত ডায়েৰিয়া সদৃশ ৰোগে দেখা দিয়া বুলিও জানিব পৰা গৈছে। কিন্তু ইমানৰ পিছতো গা-নলৰা বিভাগটোৰ একাংশ বিষয় ববীয়া দুৰ্নীতি অনিয়মক প্ৰশ্ৰয় দিয়াতহে উঠি পৰি লগা বুলি অভিযোগ উঠিছে।