
মিছামাৰীঃ গা ধুবলৈ পানীত নামি পাৰলৈ নুঠিল শোণিতপুৰৰ এজন লোক৷ ৰাজ্যজুৰি প্ৰবল বানে ত্ৰাসৰ সৃষ্টি কৰাৰ সময়তে আকৌ বানত ডুব গ’ল শোনিতপুৰ জিলাৰ বিভিন্ন অঞ্চল৷ ন কৈ ৰুৱা পথাৰখনৰ পৰা ভঁৰালৰ ধান কেইটালৈকে নষ্ট হ’ল মাথো এদিনৰ বৰষুণে সৃষ্টি কৰা প্ৰবল বানত৷ শেষটো বাঢ়নী পানীৰ পাছতে থন ধৰি উঠিব খোজা চহা জীৱনটোক আকৌ অহা বানে পুনৰ কোঙা কৰি পেলালে৷
তাৰ মাজতে শোনিতপুৰ জিলাৰ মিছামাৰী অঞ্চলত সংঘটিত হয় এক দুৰ্ভাগ্যজনক ঘটনা৷ প্ৰাপ্ত খবৰ মতে মিছামাৰী আৰক্ষী থানাৰ অন্তৰ্গত কঠালগুৰি গাঁৱৰ নিবাসী চুন্দা উৰাং (৪৭) ঘৰৰ কাষেৰে বৈ যোৱা বেঙেনাজুলী নলাত গা ধুবলৈ বুলি পানীত নমাৰ পাছৰ পৰাই সন্ধানহীন হয়। জানিব পৰা মতে আগদিনা ৰাতি ওচৰৰ ভেৰভেৰি গাঁৱত কৰম পূজা আছিল।
কৰম পূজাত ওৰেটো নিশা টোপনি ক্ষতি কৰাৰ পাছত দেওবাৰে দিনত ঘৰৰ কাষেৰে যোৱা বেঙেনাজুলী নলাৰ ওপৰত থকা বাঁহৰ সাঁকোৰ পৰা নলাৰ পানীত লোকজন গা-ধুবলৈ বুলি জাপ মাৰে৷ কিন্তু যি পানীত নামিল পুনৰাই পানীৰ তলৰ পৰা উঠি আহিব নোৱাৰিলে।
প্ৰত্যক্ষদৰ্শীৰ পৰা জানিব পৰা মতে তেওঁলোকে চুন্দা উৰাঙক সাঁকোৰ পৰা জাপ দিয়াৰ পৰা বাৰে বাৰে মানা কৰাৰ পাছতো লোকজন নলাৰ বাঢ়নী পানীত নামি গা ধুৱলৈ যায়৷ কিছু সময়ৰ পাছত প্ৰত্যক্ষদৰ্শী সকলে পানীত নামি বিচাৰ খোচাৰ কৰে লগতে ঘটনাটোৰ সন্দৰ্ভত আৰক্ষীকো অৱগত কৰে।
খবৰ পোৱাৰ পাছত আৰক্ষী-ৰাইজ সন্ধানহীন লোকজনক নলাটোৰ বহু দূৰলৈ বিচাৰে যদিও লোকজনৰ সন্ধান উলিওৱাত ব্যৰ্থ হয়৷