নগাঁও টাউনঃ নিৰ্বাচনৰ সময়ত প্ৰতিটো ৰাজনৈতিৰ দলৰ নেতাই ই কৰিম সি কৰিম বুলি উদাত্ত ভাষণ প্ৰদান কৰি ডিঙিৰ শিৰ ফুলাই৷ এনে লাগে নিৰ্বাচন পাৰ হৈ যোৱাৰ পাছতে উন্নয়ণ হবই বুলি বাবিবলৈ বাধ্য হয় সমষ্টিৰ নাগৰিকে৷ ভাষণৰ মোহত তথা ভূৱা প্ৰতিশ্ৰুতিৰ মোহত অন্ধ হৈ ভোট প্ৰদান কৰে ৰাইজে৷

কিন্তু ৰাইজৰ ভোট লৈ ক্ষমতাৰ খোৱাদ লোৱাৰ পাছতে ৰাইজক দিয়া প্ৰতিশ্ৰুতি পাহৰি যায়৷ বিলাসী গাড়ী, আট্টালিকা গৰাকী হৈ সম্ৰাট হৈ পৰে বিধায়কসকল৷ ৰাজ্যৰ এটি সমষ্টিৰ ৰাইজৰো এনেই অৱস্থা হৈছে৷ ক্ৰমাৎ যেন উন্নয়ম স্থৱিৰ হৈ পৰিছে নগাঁও জিলাৰ বটদ্ৰৱা বিধানসভা সমষ্টিৰ উন্নয়ন৷ কংগ্ৰেছৰ কাৰ্যকালত উন্নয়ণৰ নামত বিগ জিৰত পৰিণত হোৱা সমষ্টিটোৰ উন্নয়ণৰ গতি বিজেপিৰ দিনটো একেই হ’ল৷ তাৰ মাজতে আজি শ্ৰমদানেৰে ৰাইজে মেৰামতি কৰিব লগা হৈছে পথ৷

বিগত দুই দশকৰো অধিক কাল সংশ্লিষ্ট বিভাগৰ দ্বাৰা উপেক্ষিত হৈ ৰোৱা এটা জৰাজীৰ্ণ পথ বুধবাৰে নিৰ্মাণ কৰিলে বটদ্ৰৱাৰ জাজৰিৰ নিচানতলৰ একাংশ ৰাইজে৷ বটদ্ৰৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত জাজৰি নিচানতল প্ৰাথমিক বিদ্যালয়ৰ পৰা বড়ি জামে মছজিদ সংযোগী পথটো আজি পৰ্য্যন্ত চৰাকাৰৰ আঁচনিয়ে ঢুকি নোপোৱাত ৰাইজে হাতে হাতে কোৰ লৈ মেৰামতি কৰিবলৈ বাধ্য হয়৷

অঞ্চলটোৰ ৰাইজে দীৰ্ঘদিন ধৰি যাতায়তৰ ক্ষেত্ৰত যমৰ যাতনা ভূগিবলগীয়া হৈছে। এজাক বৰষুণতেই পথচোৱা হৈ পৰে ব্যৱহাৰৰ অনুপযোগী৷ কংগ্ৰেছ চৰকাৰ তথা বৰ্তমানৰ বিজেপিৰ বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাকো ৰাইজে বহুদিন পথটো নিৰ্মান কৰি দিবৰ বাবে আবেদন জনোৱাৰ পাছতো গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন হৈছে৷ চৰাকাৰ তথা বিধায়িকাই ব্যৱস্থা নোলোৱাত বুধবাৰে ৰাইজে নিজেই হাতে-হাতে কোৰ-দা আদি লৈ শ্ৰমদানেৰে পথটো মেৰামতি কৰে৷

প্ৰায় সাতশ মিটাৰ দৈৰ্ঘ্যৰ পথচোৱা চতুৰ্দশ বিত্তীয় আয়োগৰ অধীনত নিৰ্মান কৰাৰ যো-জা কৰিছিল যদিও বিভাগীয় চক্ৰান্তৰ ফলস্বৰূপে আজি পৰ্যন্ত নিৰ্মাণ নোহোৱাৰ অভিযোগ উত্থাপন কৰে একাংশ ৰাইজে ৷

এই পথটোৰে দৈনিক সহস্ৰাধিক পথচাৰী বিদ্যালয়, দলংঘাট উন্নয়ন খণ্ড, মহাত্মা গান্ধী আদৰ্শ হস্পিতেল ,দলংঘাট অৰ্ধসাপ্তাহিক বজাৰ, শিলপুখুৰী সমবায় সমিতি আদিলৈ যোৱাৰ অন্যতম বিকল্প পথ ৰূপে ব্যৱহৃত হৈ আহিছে৷