ডিজিটেল ডেস্কঃ  মহাৰাষ্ট্ৰৰ অন্তৰ্গত বুলডানা জিলাৰ ৯১ গৰাকী কৃষকে বিচাৰিলে ইচ্ছামৃত্যুৰ অনুমতি৷ উৎপাদিত সামগ্ৰীৰ উচিত মূল্য প্ৰদান নকৰাৰ পৰিপ্ৰেক্ষিততেই কৃষকসকলে পত্ৰ যোগে উপ-ৰাজ্যপাল তথা মহকুমাধিপতিৰ পৰা ইচ্ছামৃত্যুৰ অনুমতি বিচাৰে৷ 

কৃষকসকলে জানিবলৈ দিয়া অনুসৰি, মহাৰাষ্ট্ৰৰ ৬ নং ৰাষ্ট্ৰীয় ঘাইপথ ফৰলেনযুক্ত কৰিবলৈ চৰকাৰে ভূমি অধিগ্ৰহণৰ নামত কৃষকসকলক যি সাহাৰ্য প্ৰদান কৰিছে, সেইয়া তেনেই কম৷ 

ইয়াৰোপৰি উৎপাদিত সামগ্ৰীৰ উচিত মূল্য নোপোৱাৰ বাবেও কৃষকসকলে ইচ্ছামৃত্যু বিচাৰিছে৷ চৰকাৰে যদি কৃষকসকলক পৰ্যাপ্ত পৰিমাণে সাহাৰ্য প্ৰদান কৰিব নোৱাৰে, তেন্তে ইচ্ছামৃত্যুৰ অনমতি দিয়াৰ দাবী তোলে কৃষকসকলে৷ 

উল্লেখ্য যে, দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ‘মন কী বাত’ অনুষ্ঠানৰ জৰিয়তে কৃষকসকলে উৎপাদন কৰা ফচলৰ উচিত মূল্য প্ৰদান কৰাৰ কথা ঘোষণা কৰে৷ আনহাতে কৰ্মচাৰীসকলৰ খৰছ, বীজৰ মূল্য, পচন সাৰ আৰু জলসিঞ্চনত কৰা ব্যয়কো এই বৰ্ষৰ বাজেটত অন্তৰ্ভুক্ত কৰা হৈছে বুলি জনাই নৰেন্দ্ৰ মোডীয়ে৷