
newsnextone.com | তেজপুৰঃ এতিয়া পেট্ৰ’ল ডিপ’ত সোমালেই চকু ডাঙৰ হয় সাধাৰণ জনতাৰ। কিয়নো একেৰাহে বৃ্দ্ধি পাই আছে পেট্ৰ'ল ডিজেলৰ মূল্য। যেন এশৰ ঘৰতহে থমকি ৰ'ব পেট্ৰ'ল ডিজেলৰ দামে।
অসমতো শনিবাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম বৃ্দ্ধি পালে ১২ পইচাকৈ। একে হাৰত বাঢ়িছে ডিজেলৰ দামো। ৯ পইচাকৈ প্ৰতিলিটাৰ ডিজেলৰ দাম বৃদ্ধি হৈ এক লিটাৰ ডিজেলৰ দাম হ'লগৈ ৭৫.৮০ টকা। আনহাতে পেট্ৰ’লৰ মূল্য প্ৰতিলিটাৰত ৮২.৭৫ টকা। স্থবিৰ হোৱাৰ নাম-গোন্ধেই নাই এই দুবিধ অপৰিহাৰ্য ইন্ধনৰ মূল্য। যাৰ বাবে এতিয়া অ'লা-উবেৰ চালককে ধৰি সাধাৰণ জনতাই মূৰে কপালে হাত দিবলগীয়া অৱস্থা হৈছে। সন্মুখীন হৈছে বহুতো অসুবিধাৰ।
ৰাজধানী দিল্লীত আজিৰ দিনটোত প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য ১২ পইচাকৈ বৃদ্ধি হৈ এক লিটাৰ পেট্ৰ’লৰ দাম হ'লগৈ ৮০.৫০ টকা। সমান্তৰালভাৱে ১০ পইচাকৈ বাঢ়িল ডিজেল। ফলত এক লিটাৰ ডিজেলৰ দামে চুলেগৈ ৭২.৬১ টকা।
মুম্বাইত এক লিটাৰ পেট্ৰ’লৰ মূল্য ৮৭.৮৯ টকাৰ লগতে প্ৰতি লিটাৰ ডিজেলৰ মূল্য ৭৭.০৯ টকা। একেই অৱস্থা কলকাতাতো। শনিবাৰে কলকাতা মহানগৰীত প্ৰতি লিটাৰ পেট্ৰ'লৰ দাম ৮৩.৩৯ টকা আৰু তাৰ বিপৰীতে প্ৰতি লিটাৰ ডিজেলৰ মূল্য ৭৫.৪৬ টকা হয়গৈ।
উল্লেখযোগ্য যে, তেজপুৰত শোনিতপুৰ জিলা যুৱ কংগ্ৰেছ সমিতিয়ে বিভিন্ন প'ষ্টাৰ আঁৰি মূল্যবৃদ্ধিৰ প্ৰতিবাদ সাব্যস্ত কৰে। তেজপুৰৰ ৰাজীৱ ভৱনৰ পৰা শোভাযাত্ৰা কৰি তেজপুৰৰ চহৰ আকাশ বতাহ কঁপাই তোলাৰ লগতে প্ৰেট্ৰলিয়াম মন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি যুৱ কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰে৷