লাহোৱালঃ শিৱসাগৰ জিলাৰ হাঁহচৰা বকুল গাঁও নিবাসী যুগল গগৈয়ে “Mathematical Modeling of Genetic Recombination” শীৰ্ষক গৱেষণা কৰ্মৰ বাবে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰিছে।

গগৈয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ প্ৰাধ্যাপক ড০ তাজিদ আলিৰ তত্ত্বাৱধানত গৱেষণা সম্পন্ন কৰে।

তেঁও শিৱসাগৰ জিলাৰ হাঁহচৰা বকল গাঁও নিবাসী স্বৰ্গীয় ৰূপেশ্বৰ গগৈ আৰু বিমলী গগৈৰ পুত্ৰ। বৰ্তমান লাহোৱাল শিক্ষাখণ্ডৰ অধীনত ফুকনাৰখাত চেংধৰা মজলীয়া বিদ্যালয়ত শিক্ষক হিচাপে কৰ্মৰত হৈ আছে যুগল গগৈ।