ফিল'বাৰীঃ সদৌ অসম ছাত্ৰ সন্থাৰ ফিল’বাৰী আঞ্চলিক সমিতিয়ে জুৱা বন্ধ কৰাৰ দাবী জনায় আৰক্ষীক৷ এক বিবৃতি যোগে দীপাৱলীৰ গইনা লৈ তিনিচুকীয়া জিলাৰ ফিল'বাৰীত অলিয়ে-গলিয়ে জুৱা খেল চলি থকাৰ অভিযোগ উত্থাপন কৰে আছুই৷ জুৱা বন্ধ কৰাৰ দবী জনায় প্ৰশাসনক আছুৱে।

জুৱাই অঞ্চলটোৰ সুস্থ সামাজিক পৰিবেশ বিনষ্ট কৰাৰ অভিযোগ উত্থাপন কৰে ফিল'বাৰী আঞ্চলিক ছাত্ৰ সন্থাই। আৰক্ষী-প্ৰশাসনে জুৱা খেল উৎখাত নকৰিলে দীপাৱলীৰ সময়তে আন্দোলনৰ হুংকাৰ দিয়ে আছুৱে।