ফিল'বাৰীঃ তিনিচুকীয়া জিলাৰ অসম-অৰুণাচলৰ সীমান্তৱৰ্তী টেঙাপানীত তীব্ৰ উত্তেজনা। দুখন গাঁৱৰ লোকৰ মাজত সৃষ্টি হৈছে তীব্ৰ উত্তেজনাৰ৷ এখন গাঁৱৰ লোকে সিখন গাঁৱৰ লোকক আক্ৰমণ কৰাৰ ঘটনা সংঘটিত হোৱাৰ পিছতে সমগ্ৰ অঞ্চলটোত উত্তেজনাৰ সৃষ্টি হয়৷

জানিব পৰা মতে, বুধবাৰে টেঙাপানী বনাঞ্চলত দুজন লোকৰ ক্ষত বিক্ষত মৃতদেহ উদ্ধাৰ হয়৷ মৃতদেহ উদ্ধাৰৰ পিছতে টেঙাপানী বনাঞ্চলৰ দাতিৰ একাংশ লোক ক্ষোভিত হৈ পৰে৷ ক্ষোভিত লোকসকলে বৃহস্পতিবাৰে পুৱাই দলে-বলে আহি টেঙাপানী গাঁৱত আক্ৰমণ কৰে৷

বনাঞ্চল খনৰ দাতিৰ একাংশ লোকে টেঙাপানীৰ কেইবাটাও পৰিয়ালৰ বাসগৃহ লণ্ড ভণ্ড কৰা লগতে অগ্নি সংযোগ কৰাৰ বাতৰি পোৱা গৈছে। লোক দুজনক টেঙাপানী গাঁৱৰ লোকে হত্যা কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে সৃষ্টি হয় এনে পৰিস্থিতিৰ৷