তেজপুৰঃ ২০১৭ চনৰ ২৮ নৱেম্বৰৰ দিনা তেজপুৰৰ যুৱ ফটো সাংবাদিক অপূৰ্ব জ্যোতি পটংগীয়া পথ দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হৈ অকাল মৃত্যুক সাৱটি ল’বলগীয়া হয়৷

যুৱ সাংবাদিকজনৰ প্ৰথম মৃত্যুবাৰ্ষিকী শোনিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নত পালন কৰা হয়। শোনিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নৰ সদস্যসকলে বন্তি প্ৰজ্বলন আৰু নাম-কীৰ্তনৰে যুৱ সাংবাদিকজনক শ্ৰদ্ধাঞ্জলি জনোৱা হয়।