
চামগুৰিঃ শাৰীৰিক অক্ষমতাকো নেওচি জীবন যাত্ৰাত আগবাঢ়ি গৈছে নগাওঁ জিলাৰ বঢ়মপুৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত পুৰণিগুদাম জলাহগাৱঁৰ এগৰাকী যুৱতী। ১৯৯১ চনৰ ৩১ আগষ্টত এখন ভৰি অবিহনে জন্ম গ্ৰহণ কৰিছিল জুতিকা শইকীয়া নামৰ এই গৰাকী যুৱতীয়ে।
দৰিদ্ৰ পৰিয়ালৰ এই গৰাকী যুৱতীৰ পঢ়াৰ প্ৰতি আছিল খুবেই আগ্ৰহ। আৰ্থিক দৈন্যতাৰ বাবে কিছু ক্ষেত্রত যুৱতী গৰাকী থমকি ৰ’ব লগা হৈছিল যদিও শাৰীৰিক ভাৱে অক্ষম এই গৰাকী যুৱতীয়ে আৰ্থিক দুৰৱস্থাক প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰি আগবাঢ়ি গৈছিল নিজৰ শিক্ষা জীৱনত। আৰ্থিক অবস্থা দুৰ্বল হোৱা বাবে নিজৰ উৰ্পাজনেৰে শিক্ষা জীৱনৰ সোণোৱালী ধাৰা অব্যাহত ৰাখি বৰ্তমান স্নাতকোত্তৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছে এই গৰাকী যুৱতী।
শাৰীৰিকভাৱে অক্ষম যদিও তেওঁ সাহিত্য চৰ্চাৰ লগতে কাটিং-টেইলৰিঙকে আদি কৰি সকলো কামতেই পাৰ্গত যুৱতীগৰাকী। শাৰীৰিকভাৱে সক্ষম লোকে সাধাৰণতেই কৰিব নোৱাৰা কাম শাৰীৰিক ভাৱে অক্ষম লোকে যে সহজেই কৰিব তাৰ আন এক উদাহৰণ জুতিকা শইকীয়া।
পিতৃ আৰু ভাতৃৰ সৈতে জীৱন যাপন কৰা এইগৰাকী যুৱতীয়ে আজিৰ পৰা কেবা বছৰ আগতেই হেৰুৱাইছিল নিজ মাতৃক। বৰ্তমান তেওঁৰ সৈতে তিনিজন সদস্যৰ পৰিয়ালটোত তেওঁৰ কাৰো সহায় নোলোৱাকৈয়ে গা ধোৱা, ভাত ৰন্ধা, খোজ কঢ়াকে আদি কৰি সকলো কাম নিজেই কৰি যায়।
জুতিকা শইকীয়াই জন্ম গ্ৰহণ কৰি ২৫ টা বসন্ত পাৰ কৰিলে যদিও আজি পৰ্যন্ত চৰকাৰৰ পৰা লাভ কৰা নাই কোনো চৰকাৰী সা-সুবিধা। এইক্ষেত্ৰত যুৱতী গৰাকীয়ে সংবাদ মাধ্যমৰ আগত আক্ষেপ প্ৰকাশ কৰি কয় যে মই চৰকাৰৰ ওচৰত আবেদন-নিবেদন কৰি আহিছো যদিও বৰ্তমানলৈকে কোনো চৰকাৰী সাহায্য পোৱা নাই। তেওঁ বৰ্তমানৰ চৰকাৰখনৰ ওপৰত যথেষ্ট আশাবাদী বুলিও জানিবলৈ দিয়ে।
নতুন চৰকাৰখনে কিবা এটা কৰিব বুলি তেওঁ এতিয়া গভীৰ আগ্ৰহেৰে বাট চাইছে। শাৰীৰিক অক্ষমতাক প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰি অাৰ্থিক অভাৱৰ বাবে পেটৰ তাড়নাত জীৱন কটাই নিজৰ শিক্ষা জীৱনৰ লগতে সাহিত্য চৰ্চাত মনোনিবেশ কৰা এই গৰাকী যুৱতীৰ ওপৰত বাৰু বৰ্তমান চৰকাৰখনৰ চকু পৰিবনে, এই প্ৰশ্ন ৰাইজৰ।
স্থানীয় ৰাইজেও বৰ্তমান চৰকাৰখনক আহ্বান জনাইছে যুৱতীগৰাকীলৈ সহায়ৰ হাত আগবঢ়াবলৈ। চৰকাৰখনে এতিয়া ৰাইজৰ এই আহ্বানক কি ভাবে লয় সেয়াহে লক্ষণীয় হব। আনহাতে স্থানীয় আন একাংশ ৰাইজে চৰকাৰখনৰ লগতে বিভিন্ন দল সংগঠনৰ লগতে সমাজ সচেতন ব্যক্তি সকলকো জুতিকা শইকীয়াক সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনাইছে।