14
Sep
2017

The Firearm
কাৰ্বি আংলংঃ ৰাজ্যত পুনৰ আটক হ’ল অবৈধ অস্ত্ৰ সৰবৰাহকাৰী৷ বিভিন্ন মাৰাণাস্ত্ৰ সৰবৰাহেৰে ৰাজ্যত কূটাঘাট সৃষ্টি কৰা সৰবৰাহকাৰী এজন লোকক আৰক্ষীয়ে আচক কৰিবলৈ সক্ষম হয়৷ বুধবাৰে নিশা অসম-নাগালেণ্ড সীমান্তৱৰ্তী কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাৰ খটখটিত আৰক্ষীয়ে এক অভিযান চলায়৷
খটখটি আৰক্ষীৰ অতৰ্কিত অভিযানত আৰক্ষীৰ দলটোৱে এটা পইণ্ট ২২ পিষ্টল সহ এজন ব্যক্তিক আটক কৰিবলৈ সক্ষম হয়৷ দীৰ্ঘদিনধৰি অস্ত্ৰ সৰবৰাহৰ লগত জড়িত শ্বহীদ হুছেইন নামৰ এজন ব্যক্তিক খটখটিৰ বাঁহবাৰী অঞ্চলৰ পৰা আটক কৰে আৰক্ষীয়ে৷