বাহকাবাৰীঃ এসময়ৰ কংগ্ৰেছ চৰকাৰৰ দিনৰ ৰহা সমষ্টিৰ সৰ্বসাধাৰণ  ৰাইজৰ হিয়াৰ আমঠু সদৃশ আছিল পীযুষ হাজৰিকা। কিন্তু সৰ্বসাধাৰণৰ উন্নয়নত কুঠাৰাঘাট কৰি সময়ৰ সোঁতত নিশ্চিহ্ন হৈ যোৱা নেতাজন আজি সমষ্টিবাসীৰ মাজত নাই। আছে মাথো এখন শিলৰ ফলক। এই ফলকতে স্মৃতি হৈ ৰৈছে বৰ্তমানৰ জাগীৰোড সমষ্টিৰ বিজেপিৰ বিধায়কজন।

কংগ্ৰেছৰ শাসন কালত বহু গুৰুত্বপূৰ্ণ আঁচনি গ্ৰহণ কৰি ৰহা সমষ্টিৰ মন জয় কৰিবলৈ সক্ষম হোৱা এই বিধায়কজন অতি আপোন আছিল গৰুবাট মৌজাৰ কচুৱা অঞ্চলটোৰ ৰাইজৰ বাবে।

কালৰ সোতত স্থবিৰ হৈ পৰিল আপোন বিধায়কজনৰ সেই সময়ৰ অভিলাষী আঁচনিবোৰৰ উন্নয়নৰ গতি। আধাৰশিলাবোৰ আধৰুৱা হৈ ৰ'ল। সেইবোৰেই এতিয়া স্মৃতিৰ গৰাহত। বিশেষকৈ কচুৱাৰ মাজ-মজিয়াত থকা তথা মডেল হস্পিতালৰ কাষতে থকা এটা পথ, যিটো পথৰে ৰাঙলুবস্তি, আলিটাঙণি, ৰজাআলি, কান্দাপাৰাৰ হাজাৰ হাজাৰ লোকে যাতায়ত কৰে।

পৰিতাপৰ কথা এয়ে যে আজিলৈকে সেই পথটোৰ নিৰ্মাণ সম্পূৰ্ণ হৈ নুঠিল। পথটোৰ লগতে 'চানখোলা উন্নয়ন' শীৰ্ষক আঁচনিখনো আধৰুৱা হৈয়ে ৰ'ল।

এনেকৈয়ে, এতিয়াও আধাৰশিলাটো আধাৰশিলা হৈয়ে ৰৈছে। ফলত পথৰ জৰাজীৰ্ণ অৱস্থাই বাৰুকৈয়ে জীয়াতু ভোগাইছে সৰ্ব সাধাৰণক। জাতি-মাটি আৰু ভেটিৰ স্বাৰ্থত সম অধিকাৰ, সম বিকাশৰে পৰিৱৰ্তন অনাৰ অংগীকাৰ কৰি এৰি থৈ যোৱা ৰহা সমষ্টিবাসীৰ কথা এবাৰলৈ হ'লেও প্ৰাক্তন বিধায়কজনে ভাবিবলৈ আহৰি পাবনে বুলিও এতিয়া প্ৰশ্ন উত্থাপন কৰিছে স্থানীয় ৰাইজে।