
মঙলদৈঃ মিত্ৰদল বিজেপিলৈ পুনৰ শেল এৰিলে অগপৰ প্ৰাক্তন সভাপতি প্ৰফুল্ল কুমাৰ মহন্তই। ৰাজ্যত মিত্ৰজোঁটৰ চৰকাৰ গঠন হোৱাৰ পাছৰে পৰা ৰাজ্য চৰকাৰৰ কাম-কাজক লৈ সৰৱ ভূমিকা পালন কৰি অহা প্ৰাক্তন মুখ্যমন্ত্ৰী মহন্তই আজি কয় যে বিজেপি ডাঙৰ মাছ আৰু অগপ সৰু মাছ।
আজি দৰং জিলাত অনুষ্ঠিত এক দলীয় সভাত ভাষণ দি মহন্তই এই মন্তব্য কৰে। পুখুৰীত ডাঙৰ মাছে সৰু মাছ ভক্ষণ কৰে বুলি বিজেপিক কটাক্ষ কৰি তেওঁ আৰু কয়, 'আমাৰ অৱস্থা সৰু মাছৰ দৰে হৈছে। ডাঙৰ মাছ বিজেপিয়ে আমাক খাই পেলাব পাৰে।’ অৱশ্যে আঞ্চলিকতাবাদ কেতিয়াও শেষ নহয় বুলি তেওঁ দৃঢ় মতপোষণ কৰে।
লক্ষ্যণীয় যে মহন্তই বিজেপিক লৈ এনে এক সময়ত এই মন্তব্য কৰিছে, যি সময়ত অগপ সভাপতি অতুল বৰাই আগন্তুক পঞ্চায়ত নিৰ্বাচনত অগপই অকলে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি ঘোষণা কৰিছে।
সভাত মহন্তৰ অনুগত বুলি পৰিচিত লখিমপুৰৰ অগপ বিধায়ক উৎপল দত্ত আৰু প্ৰাক্তন বিধায়ক মুকুন্দৰাম চৌধুৰী উপস্থিত থাকে । দৰং জিলা বিভিন্ন অঞ্চলৰ ভালেসংখ্যক দলীয় কৰ্মী উপস্থিত থাকে সভাখনত ।
আনহাতে, সাংবাদিকে অসম লোকসেৱা আয়োগ(এ পি এছ চি)ৰ কেলেংকাৰি সন্দৰ্ভত সোধা প্ৰশ্ন উত্তৰত প্ৰাক্তন মুখ্যমন্ত্ৰী মহন্তই এ পি এছ চিক বিশ্বৰ সাতটা আশ্বৰ্যকৰ বস্তুৰ অষ্টম আশ্বৰ্য বুলি আখ্যা দিয়ে।