08
Jun
2017

ডিজিটেল ডেস্কঃ এগৰাকী ভাৰতীয় কিশোৰীৰ নামেৰে নামাকৰণ কৰা হ’ল এটা গ্ৰহৰ৷ বেংগালুৰুৰ সাহিথী পিনাগালীৰ নামেৰে হাতিপটি তাৰকাৰাজ্য এটা গ্ৰহৰ নাম থোৱা হৈছে৷ দ্বাদশ শ্ৰেণীৰ ছাত্ৰীগৰাকীয়ে বেংগালুৰুৰ প্ৰদূষিত হ্ৰদসমুহৰ ওপৰত কৰা গৱেষণাৰ বাবে এই সন্মান লাভ কৰিছে৷
টেক্সাছত অনুষ্ঠিত অলিম্পিয়াডত উক্ত গৱেষণাৰ সোণৰ পদক লাভ কৰিছিল সাহিথীয়ে৷ ইয়াৰ পিছতেই মাছাছুছেটছ ইনষ্টিটিউট অব টেকন’লজিয়ে গ্ৰহটোৰ নাম সাহিথীৰ নামেৰে ৰখা হ’ব বুলি ঘোষণা কৰে৷
উক্ত প্ৰতিযোগীতাৰ চূড়ান্ত প্ৰতিযোগীতাত প্ৰায় ২০০০ প্ৰতিযোগীয়ে প্ৰতিদ্বন্দীতা কৰিছিল৷ বৰ্তমান মিছিগান বিশ্ববিদ্যালয়ত প্ৰশিক্ষণ লৈ আছে ছাত্ৰীগৰাকীয়ে৷ উল্লেখযোগ্য যে বেংগালুৰুৰ প্ৰদূষিত হ্ৰদসমুহ মহানগৰখনৰ বাবে গুৰুতৰ সমস্যা হিচাবে পৰিগণিত হৈছে৷