newsnextone.com | নগাঁওঃ ১৯০৮ চনৰ ২০ জুলাইতে প্রতিষ্ঠা লাভ কৰা দেশৰ আগশাৰীৰ বিত্তীয় প্রতিষ্ঠান ‘বেংক অৱ বৰোদা’ই শনিবাৰে ঐতিহ্যমণ্ডিত বটদ্রৱা থানৰ আকাশী গংগাৰ তীৰত ১১১ জোপা বৃক্ষৰোপন কৰে৷ বেংক অৱ বৰোদাৰ নগাঁৱৰ জেষ্ঠ শাখা প্রৱন্ধক অতুল চন্দ্র চৌধুৰী, বটদ্রৱা থান পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক ব্রজেন কাকতি, নৰোৱা সত্রৰ সত্রাধিকাৰ দেৱানন্দ দেৱগোস্বামী, সহকাৰী সম্পাদক ইন্দ্রমোহন বৰুৱা, সদস্য বিপিন বৰা, মণ্টু বৰা, বেংক অৱ বৰোদাৰ নগাঁও শাখাৰ প্রৱন্ধক দীপক গুপ্তা, বিষয়া চিপ্রা দাস, প্রয়াগৰাজ সিং, দেৱেন গগৈ, বুবুল বৰা, জ্যোৎস্না বসুমতাৰী, ডিম্পী বৰা আদি উপস্থিত থাকে বৃক্ষৰোপন কাৰ্যসূচীত৷ 

বটদ্রৱা থানৰ কীৰ্তন ঘৰ চৌহদ, আকাশী গংগাৰ তীৰ আৰু দৌল মন্দিৰৰ বাকৰিত নিম, বকুল, নাহৰ, শিলিখা, কৃষ্ণচূড়া, লেটেকু আদি বিভিন্ন থলুৱা প্রজাতিৰ ১১১ জোপা গছপুলি ৰোপণ কৰা হয়। বেংকটোৰ ১১১তম প্রতিষ্ঠা দিৱস উপলক্ষে বটদ্রৱা থানৰ আকাশী গংগাৰ তীৰত বৃক্ষৰোপন কাৰ্যসূচী ৰূপায়ন কৰে৷

আনহাতে, একেটা দিনতে নগাঁৱত উপস্থিত হৈ বেংক অৱ কানাড়াৰ উত্তৰ পূবৰ দায়িত্বত থকা এটা দলে নগাঁৱৰ কন্যা হিমাক চাকৰিৰ প্ৰসাত্ৱ দিয়ে৷ নগাঁৱত উপস্থিত হৈ নগাঁৱৰ কন্যা অসম-ভাৰতৰ গৌৰৱ হিমা দাসক চাকৰি উপহাৰ দিব খোজাৰ কথা উল্লেখ কৰে৷ কানাড়া বেংকৰ বাংগালুৰুৰ মুখ্য কাৰ্যালয়ৰ নিৰ্দেশ মৰ্মে তেজপুৰ চহৰৰ কমাৰচুবুৰিস্থিত মাণ্ডলিক কাৰ্যালয়ৰ পৰা অহা দলটোৱে হিমাৰ নগাঁও জিলাৰ অতি পিছ পৰা ধিঙৰ সমীপৰ কান্ধুলীমাৰী গাঁৱত উপস্থিত হৈ পিতৃ-মাতৃক এই কথা প্ৰকাশ কৰে৷ পিতৃ-মাতৃয়ে হিমা ঘৰলৈ অহাৰ পিছতহে সিদ্ধান্ত ল’ব বুলি জানিব পৰা যায়৷ মাণ্ডলিক কাৰ্যালয়ৰ সহকাৰী উপ প্ৰবন্ধক এচ কে ট্ৰবৰাল সহ অহা দলটোৱে হিমাৰ পিতৃ-মাতৃক শুভেচ্ছা যাচে৷

উল্লেখ্য যে, ফিনলেণ্ডত অনুষ্ঠিত অনূর্ধ্ব-২০ বিশ্ব মিটত স্বৰ্ণ জয় কৰি নতুন ইতিহাস ৰচনা কৰে অসম কন্যা হিমা দাসে। যিটো ইতিহাস হিমাৰ পূৰ্বে কোনেও গঢ়া নাছিল৷ মধ্য অসমৰ নগাঁৱৰ কন্যা হিমাৰ পূৰ্বে দেশৰ কোনে এথলিট তথা কোনো ভাৰতীয় খেলুৱৈ ট্ৰেক অন ফিল্ডত সোণৰ পদক আহৰণ কৰিবলৈ সক্ষম হোৱা নাছিল৷ 

বৃহস্পতিবাৰে ফিনলেণ্ডৰ টেমপাৰেত অনুষ্ঠিত অনূৰ্ধ্ব-২০ আই এ এ এফ ছেম্পিয়নশ্বিপৰ ৪০০ মিটাৰত হিমাই ৫১.৪৬ ছেকেণ্ডত সমাপ্ত কৰি এই ৰেকৰ্ড গঢ়িবলৈ সক্ষম হোৱাৰ পিছতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকে ধৰি দেশৰ ক্ৰিকেটৰ তাৰকা, বলিউডৰ তাৰকা, ৰাজনেতাই হিমাক শুভেচ্ছা যাচে৷