দলংঘাটঃ সমাজখনত ভাল কাম কৰা মানুহ বহু আছে৷ হয়তো ভাল কাম কৰা মানুহবোৰে প্ৰচাৰ আৰু প্ৰসাৰ নিবিচাৰে৷ নীতিগতভাৱে আত্ম-বিশ্বাসেৰে কাম কৰা মানুহক হয়তো প্ৰচাৰৰ প্ৰয়োজনো নাথাকে৷ দেশৰ-দহৰ হকে কাম কৰা মানুহ আমাৰ ৰাজ্যত অলেখ আছে৷ কোনোৱে দুখীয়া ঘৰৰ ল'ৰা-ছোৱালীক পঢ়ুৱাইছে, আন কোনোৱে বিনামুলীয়াকৈ কাৰোবাৰ সন্তানক চিকিৎসা কৰিছে৷

কোনোৱে যদি দুখীয়াক অন্ন-বস্ত্ৰ, গৃহ সজাই দিছে আন কোনোৱে পৰিৱেশ ৰক্ষাৰ বাবে কাম কৰি আহিছে৷ তাৰ মাজতে দৰং জিলাৰ দুই যুৱকে গোলকীয় উষ্ণতা ৰোধৰ বাবে কাম কৰি আহিছে৷ পৃথিৱীখনৰ বাবে ভয়ানক প্ৰত্যাহ্বান গোলকীয় উষ্ণতা।

পৃথিৱীৰ জলবায়ু গড় উষ্ণতা দিনক দিনে বৃদ্ধি পায় অহাত বিশ্বৰ সকলো দেশ চিন্তিত। ৰাষ্ট্ৰসংঘই চিন্তিত হৈ এই ক্ষেত্ৰত সজাগ আৰু সচেতন হ'বলৈ বাৰে বাৰে কৈ আহিছে৷ প্ৰায় ১৯৭১ চনৰ পৰাই বৰ্ধিত শক্তিৰ প্ৰায় ৯০ শতাংশ সাগৰ-মহাসাগৰত জমা হৈছে৷

মূলত মানুহৰ দ্বাৰা জীৱাশ্ম ইন্ধন দহনৰ ফলত গড় উষ্ণতাৰ ক্ৰমাগত বৃদ্ধি কাল হ’ব পাৰে বিশ্ব মানুহৰ বাবে৷ তাৰ বাবে মানুহে পৰিৱেশ সংৰক্ষণ কৰিব লাগিব, ৰোধ কৰিব লাগিব পাহাৰ ধ্বংস৷ ৰুব লাগিব গছ-গছনি৷ প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ বাবে ছিপাঝাৰ সমষ্টিৰ আন্ধেৰীঘাটৰ পাণ্ডাঘাট গাঁৱৰ এগৰাকী যুৱকে কাম কৰি আহিছে।

গাঁওখনৰ বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠানৰ লগতে পথৰ দাতিত গছ পুলি ৰোপণ কৰি আহিছে যুৱকজনে৷ স্থানীয় পাণ্ডাঘাট হাইস্কুলৰ চৌহদৰ পৰা আৰম্ভ কৰে এই বৃক্ষৰোপণ কাৰ্যসূচীৰ। যি সময়ত বন ধ্বংসৰ বাবে একাংশ লোক উঠি পৰি লাগিছে তেনে সময়তে শিক্ষিত যুৱক জনৰ প্ৰচেষ্টাৰ শলাগ লৈছে ৰাইজে।

পাণ্ডাঘাট গাঁৱৰ ডিম্বেশ্বৰ নাথ আৰু ৰেণু দেৱীৰ জ্যেষ্ঠ সন্তান ৰাহুল কুমাৰ নাথে বৃক্ষৰোপন কাৰ্যসূচী হাতত লৈছে। আৰ্থিক সমস্যাৰ বাবে তেওঁ বৰ্তমান গুৱাহাটীৰ এখন আগশাৰী বিলাসী হোটেলৰ কৰ্মচাৰী। তেওঁ কাম কৰি ঘৰ চলোৱাৰ লগতে বিভিন্ন সামাজিক কামৰ কাজৰ সৈতে জড়িত হৈ আছে।

তাৰ বাহিৰে তেওঁ দৈন্যতাৰ বাবে পঢ়া আধাতে সাং কৰি ৰাহুলে বিভিন্ন সামাজিক কাম কাজত জড়িত হৈ আছে৷ বৃক্ষৰোপণেৰে সমাজ সেউজীয়া কৰাৰ সপোন দেখা ৰাহুলে ‘তুমি অবিহনে’ নামৰ এখন কবিতা পুথি ছপা কৰি উলিযায়৷ আনহাতে জিলাখনৰ কলাইগাঁও সমষ্টিৰ অন্তৰ্গত বালিপোতা গাঁৱৰ এজন শিক্ষিত যুৱকে বনানীকৰণত গুৰুত্ব আৰোপ কৰি আহিছে।

প্ৰনৱ চহৰীয়া নামৰ লোকজনে হাইস্কুলীয়া শিক্ষা সমাপ্ত কৰি ৰাজ মিস্ত্ৰীৰ সহযোগী হিচাপে কাম কৰে৷ বহু বছৰ কাম কৰাৰ অন্তত এতিয়া নিজে এগৰাকী পকা মিস্ত্ৰী প্ৰণৱ চহৰীয়া৷ তাৰ মাজতে চন পৰি থকা মাটিত গছ পুলি ৰোপণ কৰে চহৰীয়াই।

বিজ্ঞান সন্মতভাৱে ২ বিঘা মাটিত ১২০০ গছপুলি ৰোপণ কৰে চহৰীয়াই৷ মিস্ত্রী কাম কৰি পোৱা ধনেৰে চেগুণৰ পুলি ৰোপণ কৰে চহৰীয়াই৷ অসমত গাঁৱে-ভূঞে বহু মাটি চন পৰি থাকে যদিও সেই মাটিবোৰত প্ৰণৱ চহৰীয়াৰ দৰে যুৱকসকলে গছ পুলি ৰোপণ কৰি অৰ্থ উপাৰ্জনৰ লগতে পৰিৱেশ ৰক্ষাত সহায় কৰিব পাৰে৷ চহৰীয়াই পিছে অৰ্থৰ বাবেই নহয়, গোলকীয় উষ্ণতা বৃদ্ধি ৰক্ষাত সহায় কৰিবৰ বাবেহে গছৰ ৰোপণ কৰা বুলি কয়৷