
শাস্ত্ৰত কোৱা হৈছে তুলসী থাকিলে যমদেৱতায়ো ঘৰত প্ৰৱেশ কৰিব নোৱাৰে! শাস্ত্ৰৰ কথা সঁচা হওক নহওক, ঔষধি গুণৰ বাবেই আপুনি ঘৰৰ চৌহদত এজোপা তুলসী ৰাখিব পাৰে৷
১. বাস্তু মতে, ঘৰত বা বাৰান্দাত তুলসী ৰাখিলে উত্তৰ বা উত্তৰ-পূব দিশত ৰাখক৷
২. শিবলিংগ বা শিবৰ পূজাত তুলসী নালাগে৷ পৌৰাণিক আখ্যান অনুযায়ী দানৱ শঙ্খচূড়ৰ স্ত্রী তুলসী। এই শঙ্খচূড়ৰ শিবৰ হাততে প্রাণ গৈছিল। সেয়ে শিবৰ পূজাত তুলসী দিয়াৰ কোনো কাৰণ নাই।
৩. দেওবাৰ আৰু একাদশীৰ দিনত গছৰ পৰা তুলসীৰ পাত নিছিগিব।
৪. তুলসী গছ শুকাই গ’লে বা মৰি গ’লে য’তে-ততে পেলাই নিদিব৷ নদী বা পুখুৰীত পেলাব।
৫. তুলসীক স্ত্রী গছ হিচাপে ধৰা হয়৷ তুলসী গছৰ কাষত যেন কাঁইট জাতীয় গছ নাথাকে তালৈ মন দিব৷
৬. তুলসী হৈছে অক্সিজেনৰ 'শক্তিঘৰ'। দিনত এবাৰ হ’লেও তুলসীগছৰ কাষত প্রাণভৰি শ্বাস লওঁক। সন্ধ্যা তুলসীতলত চাকি জ্বলাওক৷
৭. ভাইৰাছৰ সংক্রমণৰ পৰা হাত সাৰি থাকিবলৈ দিনে অন্তত দুটাকৈ তুলসীৰ পাত খাওক।
৮. তুলসীৰ পাত চোবাই নাখাব। তুলসীপাত পাৰিলে গিলি খাওক। কাৰণ, মার্কাৰিৰ দৰে কিছু যৌগ আছে। এই মার্কাৰি দাঁতৰ বাবে অত্যন্ত ক্ষতিকাৰক।
৯. বতাহ শুদ্ধ কৰাৰ লগতে তুলসীয়ে ইতিবাচক হোৱাতো সহায় কৰে৷
১০. তুলসীগছৰ কাষত কেতিয়াও জাবৰ-জোঁথৰ নেপেলাব৷