
নগাঁওঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্লাষ্টিকৰ কণী, চাউল উদ্ধাৰ হোৱাৰ পিছত এইবাৰ নগাঁৱৰ চমুৱাগাঁৱত এইবাৰ প্লাষ্টিকৰ আটাৰ প্ৰচাৰ আৰম্ভ হৈছে। আটাগুড়িত পানী মিহলাই সনাৰ পিছত অগ্নিসংযোগ কৰিলে প্লাষ্টিকৰ অন্য সামগ্ৰী জ্বলাৰ দৰে জ্বলি উঠে।
কেৱল জ্বলাই নহয় চুইংগামৰ দৰে টানি থাকিলে দীঘল হৈ গৈ থাকে এইবিধ আটাৰ লাডু। নগাঁৱৰ বজাৰত এতিয়া তেনেই সুলভ এই আটাবিধ। মঙলবাৰে পুৱা নগাঁৱৰ চমুৱাগাঁৱত এঘৰ লোকৰ ঘৰত প্লাষ্টিকৰ আটা ওলোৱা বুলি প্ৰচাৰ হোৱাত এতিয়া সমগ্ৰ অঞ্চলজুৰি বিৰাজ কৰিছে তীব্ৰ চাঞ্চল্যৰ।
ঘটনাৰ বিৱৰণী অনুসৰি, চমুৱাগাঁও চাৰিআলি নিবাসী ললিত বৰাৰ পত্নী সীমাৰেখা ভড়ালী বৰাই জামুগুৰিৰ এখন পাইকাৰী দোকানৰ পৰা ২ কেজি ‘Jyoti’ বেণ্ডৰ আটা কিনি কৰি অনাৰ পিছত মঙলবাৰে পুৱা আটাখিনিত পানী মিবলাই লাডু বনোৱাৰ লগে লগে আলকতৰা সদৃশ হৈ পৰে।
আনকি, এই লাডুটোত জুই লগাই দিয়াৰ পিছত প্লাষ্টিকৰ সামগ্ৰীৰ জ্বলি চৌদিশ দুৰ্গন্ধময় হৈ পৰে বুলি জানিবলৈ দিয়ে গৃহিণী সীমাৰেখা ভড়ালী বৰাই। গৃহিণীগৰাকীয়ে স্থানীয় ৰাইজক জনোৱাত বহলোকে তেওঁৰ বাসগৃহত উপস্থিত হৈ আটাখিনী পৰীক্ষা কৰোতে কিছু প্লাষ্টিক জাতীয় পদাৰ্থ প্ৰত্যক্ষ কৰে।