ডিজিটেল ডেস্ক |কাজিৰঙাঃ বোকাখাতৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত আমটেঙাত পুৱতি পুথিভঁৰালৰ উদ্যোগত মদ মুক্ত আৰু প্লাষ্টিক জাতীয় সামগ্ৰী ব্যৱহাৰ নিষিদ্ধ কৰাৰ উদ্দেশ্যে এখন সজাগতা সভা অনুষ্ঠিত কৰা হয়। উল্লেখযোগ্য যে, উক্ত সজাগতা কাৰ্যসূচীৰ লগত সংগতি ৰাখি পুৱাতেই আমটেঙাৰ স্থানীয়লোক সকলে এক চাফাই অভিযানৰ কাৰ্যসূচী হাতত লয়৷ 

হাতে-হাতে ঝাৰু লৈ স্থানীয় লোক সকল ওলাই আহি আমটেঙাৰ দৈনিক বজাৰ গৃহৰ লগতে আমটেঙা চাৰিআলিটো চাফাই অভিযান চলায়৷ ইপিনে, উক্ত চাফাই অভিযানত উপস্থিত থাকি বোকাখাত মহকুমাৰ মহকুমাধিপতি বিবেক শ্যাম ডাঙৰীয়াই সকলোকে অনুপ্ৰেৰণা যোগোৱাৰ লগতে এনে ধৰণৰ আদৰ্শৰে সকলোকে কাম কৰি যাবলৈ উৎসাহিত কৰে। 

মহকুমাধিপতিক উক্ত চাফাই অভিযানত সংগ দিয়ে বোকাখাতৰ সহকাৰী আয়ুক্ত শান্তনু গগৈ, খণ্ড উন্নয়ন বিষয়া অবিনাশ শৰ্ম্মাই৷ সমাজকৰ্মী তথা বিশিষ্ট লেখিকা মিনতি দলে, তিলক দলে, বলেন কুটুম আদি স্থানীয় লোকৰ উপস্থিতিত ইয়াৰ পাছতে স্থানীয়লোক সকলে সুৰাৰ ওপৰত এখন মুকলি সভাও অনুষ্ঠিত কৰে। 

উক্ত সভাত বোকাখাতৰ মহকুমাধিপতি বিবেক শ্যামে সুৰাপান তথা পলিথিনৰ ব্যৱহাৰে ভবিষ্যতে সমাজ জীৱনলৈ কঢ়িয়াই আনিব পৰা ধ্বংসৰ বিষয়ে এক সবল যুক্তিপূৰ্ণ বক্তব্য দাঙি ধৰে। অন্যহাতে, উক্ত সভাতেই যি সকল ব্যৱসায়ীয়ে আমটেঙাত অবৈধভাৱে মাদক দ্ৰব্যৰ ব্যৱসায় কৰি আহিছে সেই সকলক অনতিপলমে নাকী লগোৱা হ’ব বুলি জানিবলৈ দিয়াৰ লগতে পৰৱৰ্তী সময়ত সুৰা ব্যৱসায়ী সকলৰ বিৰুদ্ধে আইনগতভাৱে ব্যৱস্থা লোৱা হ’ব বুলি মহকুমাধিপতি গৰাকীয়ে দৃঢ়তাৰে জানিবলৈ দিয়ে ৰাইজক৷