চৰাইদেউঃ মৃত্যুও এক শিল্প৷ এই শিল্পতে হেৰায় যায় বহু জীৱন৷ থৈ যায় সোঁৱৰণী৷ এনেদৰেই আমাৰ মাজৰ পৰা আতৰি গ’ল বিশিষ্ট ক্ৰীড়াবিদ, প্ৰাক্তন ৰাষ্ট্ৰীয় হকী খেলুৱৈ তথা চৰাইদেউ জিলাৰ সদৰ সোণাৰি নগৰৰ ৪ নং ৱাৰ্ডৰ নিৱাসী চামচুদ্দিন আহমেদ(চুইট)৷

কালি পুৱা ৭-৪৫ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত বিশিষ্ট ক্ৰীড়াবিদজনৰ মৃত্যু হয়। মগজুৰ ৰক্তক্ষৰণ হৈ মৃত্যুক সাৱটি লোৱা চামচুদ্দিন আহমদে ৪ বাৰকৈ ৰাষ্ট্ৰীয় হকী প্ৰতিযোগিতাত অসমক প্ৰতিনিধিত্ব কৰিছিল। আহমদে ফুটবলাৰ আৰু ক্ৰিকেটাৰ হিচাপেও সুখ্যাতি অৰ্জন কৰিছিল।

৬৮ বছৰৰ বয়সত মৃত্যুবৰণ কৰা আহমেদে মৃত্যুৰ সময়ত পত্নী, এটি পুত্ৰ আৰু এটি কণ্যা সন্তান এৰি থৈ যায়। আহমেদৰ আজি দুপৰীয়াৰ ভাগত সোণাৰি ৰাজহুৱা কৱৰস্থানত জানাজা সম্পন্ন হয়। প্ৰাক্তন ক্ৰীড়াবিদ গৰাকীৰ মৃত্যুত সমগ্ৰ চৰাইদেউ জিলাত গভীৰ শোঁকৰ ছাঁ পৰে।

চৰাইদেউ জিলা ক্ৰীড়া সন্থাৰ সভাপতি বিধায়ক তপণ কুমাৰ গগৈ আৰু সম্পাদক ইমদাদ হুছেইন, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাই, সদৌ অসম ছাত্ৰ-সন্থাৰ সাংগঠনিক সম্পাদক মাণিক গগৈ, চৰাইদেউ ইছলামিক ঐক্য মঞ্চৰ সভাপতি চামিম আহমেদ, টাইপাৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি লোহিত গগৈ আৰু আমছুৰ চৰাইদেউ জিলা সমিতিয়ে তেওঁৰ মৃত্যুত গভীৰ শোঁক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে ।