গোগামুখঃ ধলা-শদিয়া দলং ৰাইজৰ বাবে মুকলি কৰাৰ পিছতে শুকুৰবাৰে গোগামুখত ৬৮৭ একৰ মাটিত স্থাপন হ’বলগীয়া কৃষি গৱেষণা প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। উক্ত অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এনে এক গুৰুত্বপূৰ্ণ পদক্ষেপৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কৃতজ্ঞতা জ্ঞাপন কৰে।

১৫৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া উক্ত প্ৰতিষ্ঠানখনে ৰাজ্যৰ কৃষি উৎপাদনৰ ক্ষেত্ৰখনত বিপ্লৱৰ সূচনা কৰিব বুলি উল্লেখ কৰি ইয়াক প্ৰধানমন্ত্ৰীৰ এক শক্তিশালী কাৰ্যপন্থা আখ্যা দিয়ে মুখ্যমন্ত্ৰী সোণোৱালে।

উল্লেখ্য যে প্ৰধানমন্ত্ৰীয়ে সংসদৰ প্ৰথমখন অধিৱেশনতে উত্তৰ-পূৰ্বাঞ্চলক এখন জৈৱিক ক্ষেত্ৰ হিচাপে গঢ় দিয়াৰ লগতে প্ৰতিটো দিশতে পৰিবৰ্তনৰ সূচনা কৰিব বুলি ঘোষণা কৰিছিল। একেদৰে চলিত বৰ্ষৰ আগষ্টৰ পূৰ্বে ২৩ হাজাৰখন গাঁৱৰ প্ৰতিখনতে একোখনকৈ টেক্টৰ দিয়া হ’ব বুলিও সদৰী কৰিছিল প্ৰধানমন্ত্ৰীগৰাকীয়ে।

ইফালে, আজি আধাৰশিলা স্থাপন কৰি দিয়া ভাষণত এই প্ৰতিষ্ঠানৰ জৰিয়তে ধেমাজি আৰু লখিমপুৰ জিলাবাসী উপকৃত হ’ব বুলি আশআ প্ৰকাশ কৰে মোদীয়ে। কেৱল অসমেই নহয়, চুবুৰীয়া অৰুণাচলৰ প্ৰদেশৰ কৃষকেও এই আঁচনিৰ সুফল লাভ কৰিবলৈ সমৰ্থ হ'ব বুলি মোদীয়ে ভাষণত উল্লেখ কৰে।

তেওঁ আৰু কয় যে, অচিৰেই মুখ্যমন্ত্ৰী গ্ৰাম্য আঁচনিৰ অধীনত ১ কোটি ২০ লাখ টকা কৃষকৰ বাবে মুকলি কৰি দিয়া হ'ব। একেটা অনুষ্ঠানতে প্ৰধানমন্ত্ৰী মোদীয়ে সন্তুষ্টি ব্যক্ত কৰি কয় যে এতিয়াৰে পৰা কৃষকে আধুনিক সা-সুবিধা লাভ কৰিবলৈ সমৰ্থ হ'ব।

অনাগত ৩ বছৰত কৃষকসকল অধিক উপকৃত হ’ব বুলিও আশা প্ৰকাশ কৰে মোদীয়ে। কৃষকসকলে যাতে সৌৰ পেনেলেৰে বিজুলীৰ সুবিধা লাভ কৰিব পাৰে তাৰ বাবে নতুন পৰিকল্পনা হাতত লোৱাৰ কথাও তেওঁ সদৰী কৰে।আনহাতে ক্ষুদ্ৰ জলসিঞ্চন, চিৰসেউজ বিপ্লৱৰো পোষকতা কৰে মোদীয়ে। কৃষি ক্ষেত্ৰত ‘সম্পদা’ নামৰ এক নতুন আঁচনিৰ কথাও ঘোষণা কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে।