ডিজিটেল ডেস্কঃ এহাল ভাতৃ-ভগ্নী। পিত-মাতৃৰ মৰমৰ পৰা বঞ্চিত। স্থায়ী ঠিকনা আশ্ৰয় গৃহ। অনাথ এই ভাতৃ-ভগ্নীহালেই এইবাৰ মন জয় কৰিবলৈ সমৰ্থ হ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। কোটাৰ বাসিন্দা ১৭ বছৰীয়া সুৰজ আৰু ৯ বছৰীয়া ছলোনিয়ে তেওঁলোকৰ পৈতৃক গৃহৰ পৰা বিচাৰি আনি চৰকাৰক গতাই দিয়ে প্ৰায় ১ লাখ টকাৰ বাতিলকৃত ৫০০ আৰু ১০০০ টকীয়া নোট।

৪ বছৰ পূৰ্বে পিতৃৰ বিয়োগ ঘটিছিল সুৰজ আৰু ছলোনিৰ। তাৰ কেবা বছৰ পূৰ্বে মৃত্যু হৈছিল তেওঁলোকৰ পিতৃৰ। ফলত অনাধ ভাতৃ-ভগ্নীৰ ঠিকনা হৈ পৰে কোটা শিশু কল্যাণ সমিতিৰ আশ্ৰয় গৃহ। যোৱা মাৰ্চ মাহত তাৰ পৰা তেওঁলোকক লৈ যোৱা হয় নিজ গৃহলৈ।

তেতিয়াই জীয়াই থাকোতে মাকে কৈ যোৱা কথা এষাৰলৈ মনত পৰে সুৰজৰ। এদিন আলমাৰীটোলৈ দেখুৱাই মাকে কৈছিল, 'বোপাই আলমাৰীটোৰ ভিতৰৰ বাকছ এটাত অলপ পইছা আছে। কেতিয়াবা কামত আহিব।’

কথাটো মনত পৰিলত পিতৃ-মাতৃৰ আছুতীয়া অলমাৰীটো খুলি চাই দেখে যে কিছু আ-অলংকাৰৰ লগতে তাত আছে ৯৬ হাজাৰ ৫০০ টকা। কিন্তু সমস্ত টকাখিনি বাতিল নোট হোৱাত সুৰজৰ মনটো সেমেকি উঠে। কিয়নো তেতিয়ালৈ পুৰণি নোট জমা দিয়াৰ প্ৰায়বোৰ প্ৰক্ৰিয়া বন্ধ হৈ পৰিছিল। কোনো উপায় আছিল যদিও সেই সম্পৰ্কে সুৰজ মুঠেই জ্ঞাত নাছিল। দিশহাৰা হৈ সমস্ত কথা বিৱৰি ২৫ মাৰ্চত প্ৰধানমন্ত্ৰী মোদীলৈ এখন পত্ৰ প্ৰেৰণ কৰে দুই ভাতৃ-ভগ্নীয়ে।

দুমাহৰ অপেক্ষাৰ অন্তত যোৱা শুকুৰবাৰে উক্ত পত্ৰৰ উত্তৰ লাভ কৰে সুৰজ-ছলোনিয়ে। ৬ জুন বুলি উল্লেখ থকা পত্ৰখনত মোদীয়ে দুয়োকে উদ্দেশ্যি লিখিছে, 'চিঠিত তোমালোকৰ কথা পঢ়ি মই সমবেদনা জ্ঞাপন কৰিছো।’

কেৱল মুখৰ কথাৰে সমবেদনা জনোৱাতেই দায়িত্ব শেষ কৰা নাই মোদীয়ে। তেওঁ অনাথ ভাতৃ-ভগ্নীহাললৈ আগবঢ়াই দিছে সহায়ৰ হাত। প্ৰধানমন্ত্ৰী ডিছক্ৰিশ্যনাৰি একাউণ্টৰ পৰা দুয়োৰে যৌথ একাউণ্টলৈ পঠিয়াই দিছে ৫০ হাজাৰ টকা।

ইয়াৰ লগতে দুই ভাতৃ-ভগ্নীৰ নামত প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা আৰু প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা আঁচনিৰ অধীনত বীমাৰ ব্যৱস্থা কৰি দিয়ে মোদীয়ে। ৫ বছৰৰ বাবে ১৭১০ টকাৰ ইঞ্চুৰেন্স প্ৰিমিয়ামো আগতীয়াকৈ জমা দিয়াৰ ব্যৱস্থা কৰি দিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে।

চিঠিখনত মোদীয়ে আৰু লিখিছে, 'তোমালোকলৈ আগবঢ়োৱা এই ধন আৰু ইঞ্চুৰেন্স প্ৰিমিয়াম তোমালোকৰ কষ্ট আৰু সংগ্ৰামৰ তুলনাত তেনেই নগণ্য। কিন্তু আশা কৰিছো এই সামান্য সহায়ে তোমালোকৰ কষ্ট দূৰ কৰাত সামান্য হ’লেও সহায়ক হ’ব।’

প্ৰধানমন্ত্ৰীৰ পৰা চিঠিৰ উত্তৰ লাভ কৰাৰ লগতে এনেদৰে সহায় লাভ কৰাৰ পিছত দুখৰ মাজতো হাঁহি বিৰিঙি উঠিছে অনাথ ভাতৃ-ভগ্নীহালৰ। দুয়োগৰাকীয়ে ইয়াৰ বাবে প্ৰধানমন্ত্ৰী মোদীক কৃতজ্ঞতা জ্ঞাপন কৰিছে। উল্লেখ্য যে কিছুদিন পূৰ্বে কেবাটাও স্থানীয় সংগঠনে উমৈহতীয়াভাৱে সুৰজ-ছলোনিক ২৫ হাজাৰ টকাৰ সাহায্য আগবঢ়াইছিল।