
গোলাঘাটঃ প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীন)ৰ অধীনত গোলাঘাট জিলাৰ প্ৰথমটো ঘৰ বৃহস্পতিবাৰে গমাৰিগুৰি উন্নয়ন খণ্ডৰ চিচুপানী গাওঁ পঞ্চায়তৰ ৰতনপুৰ গাওঁত জিলা উপায়ুক্ত গৌৰৱ বোথ্ৰাই উদ্বোধন কৰে৷
হিতাধিকাৰী সঞ্জিতা বসুমাতাৰীয়ে ইতিমধ্যে এই আচঁনিৰ অধীনত চৰকাৰৰ পৰা ১ লাখ ৩০ হাজাৰ টকা লাভ কৰিছে আৰু মহাত্মা গান্ধী গ্ৰাম্য নিয়োগ নিশ্চিত আইনৰ অধীনত ৯৫ দিনৰ অদক্ষ শ্ৰমিক হিচাপে প্ৰতি দিনে ১৮৩ টকাকৈ মুঠ ১৭,৩৮৫ টকা লাভ কৰিব৷ ইয়াৰ উপৰিও হিতাধিকাৰীগৰাকীয়ে স্বচ্ছ ভাৰত অভিযানৰ অধীনত ব্যক্তিগত শৌচালয় নিৰ্মানৰ বাবে ১২,০০০ টকা লাভ কৰিব৷
এই আচঁনিৰ অধীনত গোলাঘাট জিলাত মুঠ ৩৮৩১ টা ঘৰৰ নিৰ্মাণৰ কাম চলি আছে আৰু আগষ্ট মাহৰ ভিতৰত এই ঘৰকেইটাৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিবলৈ জিলা প্ৰশাসনে যাবতীয় ব্যৱস্থা গ্ৰহণ কৰিছে৷
বৃহস্পতিবাৰৰ অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত তথা জিলা গ্ৰামোন্নয়ন অভিকৰণৰ প্ৰকল্প সঞ্চালক উৎপল দলে, গমাৰিগুৰি উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া সুশুভন দাস, মেৰাপানীৰ চেক্টৰ কমাণ্ডেণ্ট বঞ্চিলাল মীনা, মেৰাপানী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পদ্ম কান্ত দাস, পঞ্চায়ত সম্প্ৰসাৰণ বিষয়া, আব্দুৰ ৰসিদ, কনিষ্ট অভিযন্তা হিমন্ত গগৈ, চিচুপানী গাওঁ পঞ্চায়তৰ সভাপতি কৈলাশ বসুমাতাৰী আৰু সচিব প্ৰফুল্ল শইকীয়া উপস্থিত থাকে৷